Local, Vocal, Global

Assam coal mine tragedy: উমৰাংছ’ৰ কয়লাখনিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

নিউজ ডেস্ক,২৯জানুৱাৰী : উমৰাংছ’ৰ কয়লাখনিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ। ৰাজ্য চৰকাৰলৈ জাননী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ। ৭ ফেব্ৰুৱাৰীৰ ভিতৰত বিতং শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। ৰেট হ’ল মাইনিং সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ দিছিল SC-এ। নিৰ্দেশৰ পিছটো কেনেকৈ অবৈধ খনন চলি আছে বুলি প্রশ্ন ন্যায়ালয়ৰ(Assam coal mine tragedy)।

ডিমা হাছাও জিলাৰ উমৰাংছ’ত দীৰ্ঘদিন ধৰি অবৈধভাৱে কয়লা খনন চলি থকা এটা খনিত সংঘটিত দুর্ঘটনাত কেইবাজনো শ্রমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (১/২০২৫)ৰ মঙলবাৰে শুনানি গ্রহণ কৰি এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে । শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে এই নির্দেশ দিয়ে(Gauhati HC takes suo moto cognizance on Umrangso coal mine case)।

উল্লেখ্য যে উমৰাংছ’ৰ অবৈধভাৱে কয়লা খনন চলি থকা এটা খনিত হঠাৎ পানী জমা হোৱাৰ ফলত আবদ্ধ হৈ পৰা নজন শ্ৰমিকৰ চাৰিজনৰ মৃতদেহ এই পর্যন্ত উদ্ধাৰ কৰা হৈছে । পাঁচজনৰ কোনো সন্ধান ওলোৱা নাই । উমৰাংছ’ত দুৰ্ঘটনা সংঘটিত হোৱা এই খনিটোৰ উপৰি আৰু কমেও ২২০ টা অবৈধ ৰেট হোল মাইনিং চলা কয়লাখনি থকা আৰু কাৰ্বি আংলং জিলাতো অবাধে ৰেট হোল মাইনিং চলি থকাৰ ঘটনাক লৈ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ আবেদনখন গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Excise Department eviction of liquor center: ঢকুৱাখনাত আবকাৰী বিভাগৰ অভিযান; অভিযানত উচ্ছেদ চুলাইৰ ভাটী