Local, Vocal, Global

Gas cylinder blast in migrant workers room : প্ৰব্ৰজিত শ্ৰমিকৰ কোঠালিত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ

নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ: দেওবাৰে নিশা কেৰালাৰ পাঠানমথিটাৰ ৰান্নীত অসমৰ প্ৰব্ৰজিত শ্ৰমিকৰ কোঠাত সংঘটিত হয় এক কৰুণ ঘটনা ৷ কোঠাত ভিতৰতে প্ৰব্ৰজিত শ্ৰমিকজনৰ কোঠালিত গেছ চিলিণ্ডাৰটো হঠাৎ বিস্ফোৰণ ঘটে ৷ ফলত গুৰুতৰভাৱে আহত হয় অসমৰ প্ৰব্ৰজিত শ্ৰমিকজন। আহত শ্ৰমিকজনক গণেশ বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি তালুক হাস্পতালত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গণেশ(Gas cylinder blast in migrant workers room)৷

দেওবাৰে নিশা প্ৰায় ৯:১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

জানিব পৰা মতে, ৰান্নী মুখ্য ডাকঘৰৰ সিপাৰৰ এটা অট্টালিকাৰ ওপৰৰ মহলাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো । বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে কোঠালিটোৰ দুৱাৰখন ছিটিকৈ গৈ ওচৰৰ অট্টালিকাৰ ছাঁদত পৰিছিল ৷ আনহাতে খিৰিকীৰ কাঁচৰ টুকুৰাবোৰ ভাঙি অট্টালিকাৰ তলৰ ৰাস্তাটোত পৰিছিল।

নিশা তীব্ৰ বিস্ফোৰণৰ শব্দ শুনি স্থানীয় লোক আতংকিত হয় আৰু শব্দৰ উৎস বিচাৰি আহি ঘটনাস্থলীত উপস্থিত হয় ৷ তেওঁলোকে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় সমগ্ৰ দিশ তদাৰক কৰে আৰু আহত শ্ৰমিকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক :Online Trading Scam :দেৰগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক ভাস্কৰ বৰুৱা