Local, Vocal, Global

Ganja Seized in Tripura : চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ গাঞ্জা; আটক এজন

নিউজ ডেস্ক, ৪ জানুৱাৰী : পুনৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ গাঞ্জা ।বুধবাৰে ধলাই জিলাৰ অন্তৰ্গত আমবাছা আৰক্ষীয়ে এক অভিযান চলাই । অভিযানত আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি(Ganja Seized in Tripura)।

জানিব পৰা মতে, ‌বেতবাগান নাকা পইন্টত এখন বিলাসী বাহনত তালাচী চলাই ৫২ টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰা হয়।‌ টায়াৰৰ ভিতৰত লুকুৱাই আনিছিল গাঞ্জাখিনি। আৰক্ষীৰ অভিযানত টায়াৰৰ ভিতৰত পৰা মুঠ ২৫ কেজি গাঞ্জা জব্দ কৰে। গাঞ্জাৰ সৈতে আৰক্ষীয়ে বাহনখনৰ চালকজনক গ্ৰেপ্তাৰ কৰে(Huge Quantity of Ganja Seized in Tripura) ।

ইফালে, আৰক্ষীয়ে উপানগৰত আন এক অভিযান চলাই । অভিযানত আমবাছা আৰক্ষীয়ে ২৬ পেকেট গাঞ্জা জব্দ কৰে। এখন বলেৰো বাহনত তালাচী চলাই গোপন চেম্বাৰৰ পৰা ১৩.৬ কে জি গাঞ্জা জব্দ কৰা হয়। গাঞ্জা সৰবৰাহৰ অভিযোগত চালকসহ দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : Train Hits a Maruti Fronx : ৰে’ল ক্র’ছিঙত অঘটন; ৰে’ল ক্ৰছিং পাৰ হ’বলৈ লওঁতেই ভয়ংকৰ দুৰ্ঘটনা