Local, Vocal, Global

Ganja Seized in Nagaon : নগাঁও আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী

নগাঁও,২৪জুলাই : নগাঁও আৰক্ষীৰ বৃহৎ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা ।

বুধবাৰে নগাঁও উপ আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ আৰু পাৰমীতা চৰকাৰৰ নেতৃত্বত এক অভিযান চলাই । অভিযানত জব্দ কৰে বৃহৎ পৰিমানৰ ভাং ।

উল্লেখ্য যে, নগাঁও নতুন দলংৰ সমীপত চামাদাৰপট্টীৰ এখন দোকানৰ পৰা জব্দ কৰে গাঞ্জাখিনি । জব্দকৃত গাঞ্জা খিনিৰ বজাৰ মূল্য প্ৰায় ২ লাখ হব বুলি জানিব পৰা গৈছে (Ganja Seized in Nagaon)।

লগতে আৰক্ষীয়ে আটক কৰে দুগৰাকী সৰবৰাহকাৰীক । আটকাধীন সৰবৰাহকাৰী দুগৰাকী চুফীয়া বেগম আৰু আইনুল ইছলাম বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Burmese supari seized : লামডিং জংচনত এক্সপ্ৰেছত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি