Local, Vocal, Global

Gang Rape In MP : যুৱতীক দলবদ্ধ ধৰ্ষণ , জড়িত বিজেপি নেতাৰ পুত্ৰ, নাবালিকা ভগ্নীকো যৌন নিৰ্যাতন

নেশ্যনেল ডেস্ক, ১৬ জুলাই : আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰিছে দেশ(Gang Rape In MP) । এইবাৰ এই লজ্জাজনক কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ দতিয়া জিলাত । জিলাখনত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে। এই চাৰি অভিযুক্তৰ ভিতৰত আছে এগৰাকী বিজেপি নেতাৰ পুত্ৰ (BJP Leader Son An Accused)।

চাৰি অভিযুক্তই লগতে কিশোৰীগৰাকীৰ নাবালিকা ভগ্নীকো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে (BJP leader’s son among 3 held for woman’s gang-rape in Madhya Pradesh) । মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ সমষ্টিতে সংঘটিত হৈছে এই কাণ্ড ।

ঘটনা অনুসৰি মধ্যপ্ৰদেশৰ বিজেপি নেতাৰ পুত্ৰৰ লগতে ৪ গৰাকী অভিযুক্তই এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে তেওঁৰ ভগ্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । দুয়োৰে বয়স ১৯ ৰ পৰা ১৭ বছৰ বুলি জানিব পৰা গৈছে।

১৪ জুলাইত সংঘটিত হয় এই ঘটনা । এই ঘটনাৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয় স্থানীয় লোকে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত স্থানীয় আৰক্ষী থানা ঘেৰাও কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই আতিশয্যৰ বলি হোৱা এগৰাকী ভুক্তভোগীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে ।

একাংশ স্থানীয়লোকে থানা ঘেৰাও কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় ২জন অভিযুক্তক। আৰক্ষীয়ে মুখ্য অভিযুক্তজনক বিজেপিৰ উন্নাও মণ্ডলৰ সভাপতি কিষাণ ৰায়ৰ পুত্ৰ ধ্ৰুৱ ৰায় বুলি চিনাক্ত কৰা হৈছে । আন তিনিজন অভিযুক্ত তেওঁৰ বন্ধু । ধ্ৰুৱ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ।

দতিয়াৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি , চাৰি অভিযুক্তই নিৰ্যাতিতা দুই ভগ্নীক অপহৰণ কৰি এটা ঘৰলৈ লৈ যায় আৰু জেষ্ঠ্য ভগ্নীক ধৰ্ষণ কৰে। এই চৰম আতিশয্যৰ পিছত দুয়ো ভগ্নী ঘৰলৈ উভতি যায় আৰু ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলায় ।

আনহাতে কনিষ্ঠ ভগ্নীয়ে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তৎকালীন অভিযান চলাই এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু আন দুগৰাকী কিশোৰক আটক কৰে । পলাতক আনগৰাকী অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইফালে ভুক্তভোগী দুই ভগ্নীক উত্তৰ প্ৰদেশৰ ঝান্সিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ লগতে পচকৌ আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে, এই ঘটনাৰ লগত জড়িত দুই অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে আৰক্ষীয়ে পলাতক অভিযুক্তৰ ওপৰত পুৰস্কাৰো ঘোষণা কৰিছে ।

লগতে পঢ়ক : Air India Official Slapped : বিমানত জ্যেষ্ঠ বিষয়াক যাত্ৰীৰ অসভ্য আচৰণ, শোধালে চৰ