যোৰাবাট আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল
নিউজ ডেস্ক, ২ জুলাই : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ডকাইতিৰ দৰে ঘটনা। তাৰ লগে লগে আৰক্ষীয়েও দুৰ্ধৰ্ষ ডকাইতৰ দল আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
আজি পুনৰ মহানগৰীৰ যোৰাবাট আৰক্ষীৰ জালত পৰিল এটা দুৰ্ধৰ্ষ ডকাইতৰ দল। আৰক্ষীয়ে আটক কৰিলে শিলচৰৰ তিনি দুৰ্ধৰ্ষ ডকাইতক।
শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এখন তেল পৰিৱাহী টেংকাৰৰ পৰা আটক আৰক্ষীয়ে আটক কৰে তিনি ডকাইতক।
আৰু পৰৱৰ্তী সময়ত যোৰাবাট আৰক্ষীয়ে ডকাইতকেইটাক শিলচৰ আৰক্ষীক চমজাই দিয়ে।
আটকাধীন ডকাইত কেইটা কামৰুল ইছলাম, আব্দুল হুছেইন বৰভূঞা, আনোৱাৰ হুছেইন লস্কৰ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা শিলচৰত সন্ত্রাস চলাই আহিছিল ডকাইতৰ দলটোৱে।