Local, Vocal, Global

Gang of Dacoits Strikes Elderly Man’s Home : কৰিমগঞ্জৰ ফতেহপুৰত ভয়ংকৰ ডকাইতিৰ ঘটনাটো

নিউজ ডেস্ক,১৩মে’ : ৰাজ্যত পুনৰ ডকাইতিৰ ঘটনা । কৰিমগঞ্জৰ কালিগঞ্জ এলেকাৰ ফতেহপুৰ সংঘটিত হৈছে এই ভয়ংকৰ ডকাইতিৰ ঘটনাটো(Gang of Dacoits Strikes Elderly Man’s Home)।

জানিব পৰা মতে, দেওবাৰে নিশা ফতেহপুত ৪/৫ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে সন্ত্ৰাস চলাই । এজন লোকৰ বাসগৃহত প্ৰৱেশ কৰি ডকাইতৰ দলটোৱে লুটি নিয়ে নগদ ধনসহ সোনৰ আ-অলংকাৰ। গাঁওখনৰ দিলিপ আচাৰ্য নামৰ লোকজনৰ ঘৰত সংঘটিত এই ঘটনাটো(Gang of Dacoits Strikes Elderly Man’s Home, Escapes with Gold Ornaments and Cash)।

দেওবাৰে নিশা দিলিপ আচাৰ্য নামৰ লোকজনে ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তৰ দলটোৱে সংঘটিত কৰে এই ভয়ংকৰ ঘটনাটো।দিলিপ আচাৰ্য নামৰ লোকজনে ধান বিক্ৰী কৰি জমা কৰা ১ লাখ ২৫ হেজাৰ টকাসহ সোনৰ আ-অলংকাৰ লুটি নিয়ে অস্ত্ৰধাৰী দলটোৱে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

লগতে পঢ়ক : Narendra Modi to file his nomination for lok sabha election 2024 tomorrow : মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ