Guwahati accident: এ কে কনষ্ট্ৰাকচনৰ ছুপাৰভাইজাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ

গুৱাহাটী, ১০জুন : ৰাজপথত খন্দা এটা গাঁতেই কাল হ’ল এগৰাকী মেধাৱী ছাত্ৰীৰ বাবে ৷ মহানগৰীত এতিয়াও দেখিবলৈ পোৱা যায় য’তে-ত’তে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ ফলত ৰাজপথত সৃষ্টি হয় ভয়ংকৰ যান-জঁট ৷
উল্লেখ্য যে, জাইকাৰ পানী যোগানকাৰী পাইপ মেৰামতিৰ বাবে খান্দি থোৱা হৈছে এই গাঁতসমূহ ৷ এই গাঁতৰ বাবেই বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিত মৃত্যু হৈছিল প্ৰিয়া কুমাৰী (Priya Kumari Guwahati accident)নামৰ এগৰাকী ছাত্ৰীৰ ৷ অকালতে হেৰাই গৈছিল মেধাৱী ছাত্ৰী। মহানগৰীৰ এটা শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য (Guwahati Road accident)। জাইকাৰ বাবেই এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱালগীয়া বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে। স্থানীয় ৰাইজে জাইকাৰ বিৰুদ্ধে দাখিল কৰে গোচৰ।
লগতে মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছিল চাৰিটাকৈ গোচৰ ৷ ইয়াৰ পিছতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ছুপাৰভাইজাৰ পি বালাজীক গ্ৰেপ্তাৰ কৰে ৷ শুকুৰবাৰে আন এজন ছুপাৰভাইজাৰক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে । ধৃত ছুপাৰভাইজাৰজনৰ নাম পাৰিজাত শইকীয়া ।
জানিব পৰা মতে, চতিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত ছুপাৰভাইজাৰজনক (Supervisor of AK Construction Company Arrested Parijat Saikia) ৷ জলবৰ্ডে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ছুপাৰভাইজাৰ দুজনক ৷
তথ্য অনুসৰি, ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৰাজপথত গাঁত খান্দি পাইপ মেৰামতিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ পৰা ল’বলগীয়া অনুমতি লোৱা নাছিল। ৰাজপথত খন্দা গাঁতটো উন্মুক্ত কৰি থৈ গৈছিল প্ৰতিষ্ঠানটোৱে । যাৰ ফলত বৃহস্পতিবাৰে গণেশগুৰিৰ শোকাৱহ পথ দুৰ্ঘটনাত প্ৰিয়া কুমাৰীয়ে অকাল মৃত্যুক সাৱটিব লয় (Ganeshguri Road Accident)।
হাতীগাঁওস্থিত লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী জ্যেষ্ঠ ভগ্নীৰে স্কুটিত বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হয় এই শোকৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় নিহত প্ৰিয়া কুমাৰীৰ জ্যেষ্ঠ ভগ্নীও।
উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানতে ৰাজপথৰ মাজলৈকে জাইকাই পাইপ মেৰামতিৰ বাবে খান্দি থৈছিল এটা প্ৰকাণ্ড গাঁত। পোহৰলৈ অহা চি চি টিভি কেমেৰাত স্পষ্ট হৈছিল ৰাজপথৰ মাজত খান্দি থোৱা গাঁতটোৱে আছিল এই দুৰ্ঘটনাৰ অন্যতম মূল কাৰণ।
লগতে পঢ়ক:Amarnath Yatra 2023 : অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰে অমিত শ্বাহে