Ganesh Chaturthi 2024: আজি পৱিত্ৰ গণেশ চতুৰ্থী

নিউজ ডেস্ক,৭ছেপ্তেম্বৰ : আজি গণেশ চতুৰ্থী। এই উৎসৱ ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত ভগৱান গণেশক পূজা কৰা হয়। সাধাৰণতে এই দিনটো ২০ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত যিকোনো দিনতে পৰে।
দহদিনীয়া গণেশোৎসৱৰ অন্ত পৰে অনন্ত চতুৰ্দশীৰ দিনা। ভদ্ৰপদ শুক্ল পক্ষ চতুৰ্থী মধ্যাহ্নব্যাপীনী পূৰ্ববিদ্ধ – এই পূজাৰ বহল সময়। যদি চতুৰ্থী দুদিনত পৰে তেন্তে আগদিনা পূজা কৰা হয়(Ganesh Chaturthi 2024)।
এই বছৰ গণেশ চতুৰ্থী ৭ ছেপ্টেম্বৰ শনিবাৰে পালন কৰা হয়। অৰ্থাত্ আজি পালন কৰা হয় গণেশ চতুৰ্থী। সকলো ধৰণৰ বাধা-বিপত্তি দূৰ কৰাৰ বাবে গণেশৰ পূজা কৰা হয়। ভগৱান গণেশে সকলোৰে মনোকামনা পূৰণ কৰে।
সমগ্ৰ ভাৰতবৰ্ষতে এই উৎসৱ বিশেষভাৱে উদযাপন কৰা হয়। ভাৰতৰ বাহিৰত নেপালত এই উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়।