Gandhi Jayanti 2024 : আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫৫সংখ্যক জয়ন্তী
নিউজ ডেস্ক, ২অক্টোবৰ : আজি ২ অক্টোবৰ,গান্ধী জয়ন্তী (Gandhi Jayanti 2024)। আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫৫সংখ্যক জয়ন্তী। । এই পবিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই সমগ্ৰ দেশে পালন কৰিব গান্ধী জয়ন্তী । প্ৰতি বছৰে ২ অক্টোবৰৰ দিনটোত পালন কৰা হয় গান্ধী জয়ন্তী । গান্ধীজীক জাতিৰ পিতা বুলি কোৱা হয় ৷ ১৯৪৭ চনৰ পিছৰ স্বাধীন ভাৰত হৈছে তেওঁৰ চিন্তা, কূটনীতি আৰু স্বাধীনতা সংগ্ৰামৰ অনন্য পদ্ধতিৰ অৱদান । দেশৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল ।
সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত এই পবিত্ৰ দিৱসটি পালন কৰা হয়। বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হ’ব আজিৰ এই পবিত্ৰ দিৱসটি।
গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে পঢ়ক :Mahalaya: আজি মহালয়া;ধৰাৰ বুকুলৈ দুৰ্গতিনাশিনী মা দুৰ্গাৰ আগমণ