Local, Vocal, Global

Gallery Collapse In Film Theatre : থিয়েটাৰ চাই থাকোতেই ভাঙি পৰিল গেলেৰী

সৰুপথাৰ,২৮অক্টোবৰ : এক চাঞ্চল্যকৰ ঘটনা । থিয়েটাৰ চাই থাকোতেই ভাঙি পৰিল গেলেৰী । লগে লগে হুৱা-দুৱা লাগে ৰাইজৰ(Gallery Collapse In Film Theatre) ।

গোলাঘাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজানত শুকুৰবাৰে নিশা ঘটিল অঘটনটো ৷ চুঙাজানৰ মহিমা গাঁৱত ৰুদ্ৰকন্যা নামৰ এখন থিয়েটাৰ দৰ্শকে চাই থাকোঁতেই হঠাতে গেলাৰী ভাঙি পৰিল বহু লোক(Over 50 Including Children And Elderly Injured After Gallery Collapse In Film Theatre In Dhansiri) ।

জানিব পৰা এই ঘটনাত শিশু বৃদ্ধকে ধৰি আহত হয় প্ৰায় ৫০ জনৰো অধিক লোক । ঘটনাৰ পিছতে ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত লোকসকলক আৰক্ষীয়ে সৰুপথাৰ সমূহীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ঘটনাৰ লগে লগে ৰাইজৰ মাজত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিবেশৰ ৷ উত্তেজিত ৰাইজে থিয়েটাৰ খনৰ চাৰিসীমাত দিয়া টিংপাতৰ বেৰ, চকী আদি ভাঙি তহিলং কৰে(Gallery Collapse In Film Theatre In Dhansiri) ৷

পৰৱৰ্তী সময়ত চুঙাজান আৰক্ষী আৰু উৰিয়ামঘাট আৰক্ষীৰ লগতে CRPF বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ কাৰ ভুলৰ বাবে এনেধৰণৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হল পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ৷

লগতে পঢ়ক :70 Lakh Worth Heroin Seized in Assam’s Badarpur : কৰিমগঞ্জত আৰক্ষীৰ অভিযান; অভিযানত জব্দ নিচাজাতীয় সামগ্ৰীসহ পাঁচ সৰবৰাহকাৰী