মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ শেষকৃত্যলৈ কিয় আমন্ত্ৰণ নাপালে ৬ খনকৈ দেশে?

নিউজ ডেস্ক : ব্ৰিটিছ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে ৰাজত্ব কৰা মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ শেষকৃত্য অনুষ্ঠানক লৈ সম্প্ৰতি সমগ্ৰ বিশ্বতে অব্যাহত আছে চৰ্চা।
লণ্ডনত সোমবাৰে (১৯ ছেপ্তেম্বৰ) সম্পন্ন হোৱা এই শেষকৃত্য অনুষ্ঠানত উপস্থিত আছিল ভিন্ন দেশৰ ৫০০ গৰাকী ৰাষ্ট্ৰ প্ৰধান আৰু প্ৰতিনিধি।
কিন্তু এই অনুস্থানলৈ আমন্ত্ৰণেই নাপালে ৬ খনকৈ দেশে। সেই দেশ কেইখন হৈছে ছিৰিয়া, ভেনিজুৱেলা, আফগানিস্তান,ৰাছিয়া, বেলাৰুচ আৰু ম্যানমাৰ।
ব্ৰিটেইনৰ সৈতে বৈদেশিক সম্পৰ্ক নথকাৰ বাবে আমন্ত্ৰণ লাভ নকৰিলে ছিৰিয়া (Syria) আৰু ভেনিজুৱেলাই (Venezuela) ।
ইৰাণ (Iran), নিকাৰাগুয়া (Nicaragua) আৰু উত্তৰ কোৰিয়াৰ (North Korea)কেৱল ৰাষ্ট্ৰদূতহে আমন্ত্ৰণ লাভ কৰিছিল।
ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবেই ব্ৰিটেইনে ৰাছিয়াক মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ শেষকৃত্য অনুষ্ঠানলৈ আমন্ত্ৰণ নজনালে।
আনহাতে, ৰাছিয়াৰ অন্যতম সহযোগী বেলাৰুছেও (Belarus) লাভ নকৰিলে আমন্ত্ৰণ।
তালিবানৰ দখললৈ যোৱাৰ বাবে আফগানিস্তানেও (Afghanistan) লাভ নকৰিলে আমন্ত্ৰণ।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে মহাৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত পূৰ্বেই ৰাজহুৱা কৰিছিল।
ইফালে , আনুষ্ঠানিক আমন্ত্ৰণ লাভ নকৰাৰ বাবে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয়, “ই সম্পূৰ্ণৰূপে নীতি বিৰুদ্ধ সিদ্ধান্ত আৰু প্ৰয়াত মহাৰাণীৰ প্ৰতি কৰা অসন্মান স্বৰূপ”।