Local, Vocal, Global

Fresh violence erupts in Manipur:পুনৰ মণিপুৰত আৰম্ভ হৈছে হিংসা

নেশ্যনেল ডেস্ক,২৮ডিচেম্বৰ : পুনৰ অশান্ত মণিপুৰ। পুনৰ মণিপুৰত আৰম্ভ হৈছে হিংসা ।

ইম্ফল পূব জিলাত সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰে। ইম্ফল পূব জিলাৰ চানাচাবি আৰু থামনাপোকপি গাঁৱত সশস্ত্ৰ লোকৰ সৈতে হোৱা গুলীচালনাত কেইবাজনো নাগৰিক আৰু সুৰক্ষা কৰ্মী আহত হয়।

এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। মুখ্যমন্ত্ৰীয়ে নতুনকৈ হিংসা বৃদ্ধি পোৱাৰ মাজতে শান্তি আৰু ঐক্যৰ আহ্বান জনাই কয় যে পৰিস্থিতিৰ মোকাবিলাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সিঙে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ পৰ্যাপ্ত সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছে আৰু আহতসকলে প্ৰয়োজনীয় চিকিৎসা সাহায্য লাভ কৰিছে(Fresh violence erupts in Manipur)।

এক্সৰ এটা পোষ্টত এন বীৰেন সিঙে কয়, “ইম্ফল পূবৰ চানাচাবি আৰু থামনাপোকপিত কুকি উগ্ৰপন্থীয়ে কৰা নিৰ্বিচাৰ গুলীচালনাক তীব্ৰ গৰিহণা দিছো, য’ত সাধাৰণ লোক আৰু নিৰাপত্তাৰক্ষী আহত হৈছিল । নিৰীহ লোকৰ জীৱনৰ ওপৰত এই কাপুৰুষালি আৰু প্ৰৰোচিত আক্ৰমণ শান্তি আৰু সম্প্ৰীতিৰ ওপৰত আক্ৰমণ(CM Biren Singh condemns attack, calls for peace)।”

পোষ্টটোত লিখা হৈছে, “ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ পৰ্যাপ্ত নিৰাপত্তা কৰ্মী প্ৰেৰণ কৰা হৈছে । আহতসকলে প্ৰয়োজনীয় চিকিৎসা সহায় লাভ কৰিছে আৰু এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ চৰকাৰে শান্ত আৰু ঐক্যৰ আহ্বান জনাইছে । এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰোতে কেন্দ্ৰীয় বাহিনী আৰু ৰাজ্যিক আৰক্ষীৰ সঠিক সমন্বয় আৰু বুজাবুজি থাকিব লাগে ।”

লগতে পঢ়ক :Dibrugarh Student Dies by Suicide at AIIMS Bhubaneswar:পুনৰ অসমৰ মেধাবী ছাত্ৰৰ চৰম সিদ্ধান্ত;ভুৱনেশ্বৰ এইমছত ল’লে চৰম সিদ্ধান্ত