French President Macron To Arrive In India Today : এইবাৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

নেশ্যনেল ডেস্ক, ২৫জানুৱাৰী : কাইলৈ ২৬ জানুৱাৰী । সমগ্ৰ দেশত পালন কৰা হ’ব গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ বাবে সমগ্ৰ দেশত চলিছে ব্যাপক প্ৰস্তুতি । শুকুৰবাৰে সমগ্ৰ দেশে উদযাপন কৰিব দেশৰ ৭৫ তম গণতন্ত্ৰ দিৱস ৷ দেশজুৰি গণৰাজ্য দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে(French President Macron To Arrive In India Today)।
এইবাৰ ৰাজধানী দিল্লীত গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন (French President Emmanuel Macron)। বৃহস্পতিবাৰ অৰ্থাত আজি জয়পুৰত উপস্থিত হ’ব ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।
জানিব পৰা মতে, জয়পুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি মেক্ৰনক (PM Narendra Modi) আদৰণি জনাব। ইয়াৰ পিছতে মেক্ৰন ঐতিহাসিক জয়পুৰ চহৰৰ বিভিন্ন বুৰঞ্জী প্ৰসিদ্ধ ঠাই পৰিদৰ্শন কৰিব। লগতে ৰাষ্ট্ৰপতি এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ লগতে আমিৰ ফ’ৰ্ডত অনুষ্ঠিত কৰিবলগীয়া এক সাংস্কৃতিক অনুষ্ঠানতো ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব(PM Modi will receive French President Emmanuel Macron; road show in Jaipur today)।
ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন জয়পুৰ চহৰৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে ইউনেস্ক’ৰ ৱৰ্ল্ড হেৰিটেড ছাইট যন্তৰ মন্তৰ পৰিদৰ্শন কৰিব। ইফালে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে জয়পুৰৰ হাৱামহলত বিশেষ চাহৰো সোৱাদ ল’ব। ৰামবাগ পেলেচত দুয়োৱে নিশাৰ আহাৰ গ্ৰহণ কৰিব।
ইয়াৰ পিছতেই ফাঞ্চৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ দিল্লীৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
লগতে পঢক : Class X Student Goes Missing : ছাত্ৰী নিৰুদ্দেশক লৈ টিয়কত চাঞ্চল্য!