Local, Vocal, Global

Freight boat accident:ধুবুৰীত মালবাহী নাও দুৰ্ঘটনা; আহত তিনিজন

হাটশিঙিমাৰী,১জানুৱাৰী : ধুবুৰীত মালবাহী নাও দুৰ্ঘটনা।

মঙলবাৰে সন্ধিয়া ধুবুৰী পৰা ফকিৰগঞ্জ লৈ যোৱাৰ সময়ত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনাটো, দুৰ্ঘটনাত আহত তিনিজন । আহত ব্যক্তি তিনিজন ক্ৰমে কালাচান শেষ(৫০), শৰিফুল ইছলামম(২২), আৰু বিল্লাল হুচেইন (৪০) বুলি জানিব পৰা গৈছে(Freight boat accident)৷

আহত ব্যক্তি কেইজনক ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰি ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই।

ইতিমধ্যে নাওঁ খনৰ উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Huge cache of arms, Explosives seized in Manipur:হিংসাজৰ্জৰ মণিপুৰত জব্দ বুজণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিষ্ফোৰক সামগ্ৰী