Local, Vocal, Global

Watch | Free mega health check-up camp at Bahar Borjar in Jagiroad: জাগীৰোডৰ বহা বৰজাৰীত বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ

জাগীৰোড: জাগীৰোড মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলন আৰু মাৰোৱাৰী সেৱা সমিতিৰ উদ্যোগত, বহা বৰজাৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সহযোগত শনিবাৰে বহা বৰজাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ ৷
উক্ত শিবিৰত প্ৰায় তিনি শতাধিক লোকৰ চকু পৰীক্ষা, দাতৰ চিকিৎসা, পেথ’ল’জি, ই চি জি, এক্সৰে আদিৰ লগতে সাধাৰণ চিকিৎসাও প্ৰদান কৰা হয় ৷ মুঠ আঠ গৰাকী অভিজ্ঞ চিকিৎসকে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰে ৷
জাগীৰোড সমজিলা আয়ুক্ত হৃদয় দাস আৰু সমজিলা আৰক্ষী অধীক্ষক বিজিত দাধৰাই মুকলি কৰা শিবিৰটোত এখন বিশেষ বাহনত এই সেৱা প্ৰদান কৰে বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসক সকলে ৷ উল্লেখ্য যে, ভিতৰুৱা অঞ্চলত বসবাস কৰা লোকসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰে জাগীৰোড মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলন আৰু মাৰোৱাৰী সেৱা সমিতিৰ লগতে বহা বৰজাৰি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে ৷

লগতে পঢ়ক : Major reshuffle after Leena Doley’s joining as SSP in Assam’s Dhubri: ধুবুৰীৰ SSP হিচাপে লীণা দলেৰ যোগদানৰ পাছতে বৃহৎ ৰদবদল