Morigaon Fraud Doctor : মুন্নাভাই MBBS ৰূপী চিকিৎসকৰ দপদপনি
মৰিগাঁও, ১৭ অক্টোবৰ : আপুনি বাৰু ফামাৰ্চীত চিকিৎসাৰ পৰামৰ্শ দিয়া সকলোকক চিকিৎসক বুলি ভাৱে নেকি ? সকলো ফাৰ্মাচীকে বৈধ বুলি মানি লয় নেকি ? তেনেহলে আপুনি সজাগ হওঁক ৷ নহলে পৰিব পাৰে বিপদত ৷
কিয়নো ৰাজ্যত বৰ্তমান মুন্না ভাই MBBS ৰ প্ৰয়োভৰ ঘটিছে ৷ পিছে ৰিল লাইফত নহয় ৰিয়েল লাইফত ওলাইছে মুন্না ভাই ৷ মৰিগাঁৱত চলিছে এই মুন্না ভাই MBBS ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান(Fraud Doctor in Morigaon)।
মৰিগাঁও আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক । ভুৱা চিকিৎসকৰ পৰা জব্দ ভুৱা চীল-মোহৰ, চিকিৎসা পদ্ধতিৰ বহু যন্ত্ৰ-পাতি । বিগত আঠ মাহে মুন্না ভাই MBBS ৰূপী চিকিৎসকে ৰোগীৰ লগত খেলি আছিল হেতালি ।
সোমবাৰে মৰিগাঁও গৰৈমাৰীত আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত গ্ৰেপ্তাৰ কৰিছে এজন অভিযুক্ত ভুৱা চিকিৎসক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা চিকিৎসক জনৰ নাম নাজিৰুল ইছলাম (Morigaon Fraud Doctor)।
উল্লেখ্য যে, ধৃত নাজিৰুলে মৰিগাঁৱৰ কেইবাখনো ফাৰ্মাছিত দীৰ্ঘদিন ধৰি ভুৱা চিকিৎসা চলাই আহিছিল । নাজিৰুল নিজকে কেতিয়াবা ফাৰ্মাচিষ্ট, কেতিয়াবা চিকিৎসক বুলি পৰিচয় দি আহিছিল ।
অভিযোগ অনুসৰি,নাজিৰুলে কেতিয়াবা যদি চিকিৎসক হয় কেতিয়াবা আকৌ হয় ফাৰ্মাচিষ্ট ৷ মৰিগাঁও গৰৈমাৰীৰ জাৰা মেডিকেল নামৰ এখন অবৈধ ফাৰ্মাচীত চিকিৎসা চলাই আহিছিল ধৃত মুন্না ভাই ৰূপী নাজিৰুল ইছলামে।
ইফালে মৰিগাঁও গৰৈমাৰীৰ অবৈধ জাৰা মেডিকেলৰ স্বত্বাধিকাৰ আব্দুল ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে ভুৱা চিকিৎসক নাজিৰুলৰ পত্নীকো আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে ।
ধৃত নাজিৰুলে বিগত ৮ মাহ ধৰি গৰৈমাৰীৰ জাৰা মেডিকেলত চিকিৎসা প্ৰদান কৰি আহিছিল ৷ ধৃত নাজিৰুল গল্ডব্লাডাৰ, এপেণ্ডিচ আদি বেমাৰৰ অস্ত্ৰোপচাৰো কৰিছিল গোপনে।
অৱশ্যে আৰক্ষীৰ তদন্ততহে সকলো পোহৰলৈ আহিব কিন্তু এখেতৰ পৰা চিকিৎসা গ্ৰহণ কৰা একাংশৰ পেটতে হাতভৰি লুকাইছে৷
ভুৱা চিকিৎসক নাজিৰুলেই কেৱল এই অবৈধ কাৰ্যৰ সৈতে জড়িত নাছিল ৷ ইয়াৰ লগত জড়িত আছে পত্নীসহ আন পাঁচটাকৈ দালাল । এই ভুৱা বৃত্তিত জড়িত আছিল নাজিৰুলৰ পত্নী, জাৰা মেডিকেলৰ স্বত্বাধিকাৰী উপৰিও অন্য ৫-৬জন ব্যক্তি ।
ইতিমধ্যে আৰক্ষীয়ে নাজিৰুলে চাৰ্টিফিকেট প্ৰিন্ট কৰা প্ৰিন্টিং প্ৰেছটোত অভিযান চলাইছে ।আৰক্ষীয়ে নাজিৰুল ইছলামৰ পৰা জব্দ কৰে কেনেকৈ চিকিৎসা কৰিব লাগে শীৰ্ষক এখন বিশেষ ডায়েৰীসহ অস্ত্ৰোপচাৰৰ সৈতে জড়িত বহু চিকিৎসা বিভাগৰ যন্ত্ৰ-পাতি । ধৃত ভুৱা চিকিৎসকটোৱে চীল-মোহৰ বনোৱা এটা ব্যৱসায়ী প্ৰতিষ্ঠানটো নাজিৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ।
লগতে পঢ়ক :Drugs paddler arrested: ৰঙিয়াত জব্দ বৃহৎ পৰিমাণৰ আফিং