Local, Vocal, Global

Frank Duckworth, co-inventor of DLS method, passes away at 84 : ডাকৱাৰ্থ-লুইছ নিয়মৰ অন্যতম স্ৰষ্টা ফ্ৰেংক ডাকৱৰ্থৰ দেহাৱসান

ইণ্টাৰনেশ্যনে ডেস্ক ২৬জুন : ক্ৰিকেটৰ অন্যতম গুৰুত্বপূৰ্ণ নিয়ম ডাকৱাৰ্থ-লুইছ মেথডৰ অন্যতম স্ৰষ্টা ফ্ৰেংক ডাকৱাৰ্থৰ দেহাৱসান। ৮৪ বছৰ বয়সত দেহাৱসান ঘটে ফ্ৰেংক ডাকৱাৰ্থৰ।

ক্ৰিকেট মেচত বৰষুণ হ’লে কি হ’ব, তাক লৈ দীৰ্ঘদিন ধৰি আছিল জটিলতা। সেই জটিলতা দূৰ কৰিবলৈ দুই ইংৰাজ সংখ্যাতত্ববিদ ফ্ৰেংক ডাকৱাৰ্থ আৰু টনি লুইছে এক নিয়ম প্ৰৱৰ্তন কৰে। ১৯৯৭ চনৰ পৰা আইচিচি ক্ৰিকেট মেচত এই নিয়ম ব্যৱহাৰ কৰা আৰম্ভ কৰে(Frank Duckworth, co-inventor of DLS method, passes away at 84)।

পিছত অৱশ্যে ২০১৪ চনত ডাকৱাৰ্থ লুইছ মেথডৰ সৈতে যুক্ত হয় অষ্ট্ৰেলিয়াৰ সংখ্যাতত্ববিদ ষ্টিভেন ষ্টাৰ্নৰ নাম, এতিয়া ক্ৰিকেটত এই নিয়মৰ নাম ডাকৱাৰ্থ লুইচ ষ্টাৰ্ণ মেথড। ২০১৪ চনলৈ ডাকৱাৰ্থ আইচিচিৰ কনচালটেণ্ট ষ্টেটিষ্টিচিয়ান আছিল, ২০১৪ চনত তেওঁ অৱসৰ লয়।

লগতে পঢ়ক : Sensational Incident : নৃশংস হত্যাকাণ্ড; দৰ্জা ভাঙি ডিঙিত ঘপিয়াই হত্যা আব্দুল ছামাদ নামৰ এজন লোকক