Fox terror in North Guwahati : উত্তৰ গুৱাহাটীত বলীয়া শিয়ালৰ আতংক

নিউজ ডেস্ক,২২আগষ্ট : এইবাৰ বলীয়া শিয়ালৰ আতংক । বলীয়া শিয়ালৰ আতংকত আতংকিত গঞা ।
উত্তৰ গুৱাহাটীত বলীয়া শিয়ালৰ আতংক। বুধবাৰে নিশা ফুলুঙত বলীয়া শিয়ালে ৮ জনকৈ লোকক আক্ৰমণ কৰে। বলীয়া শিয়ালৰ আক্ৰমণত গুৰুতৰভাৱে আহত লোককেইজন ।
সংকটজনক অৱস্থাত আহতসকলক AIIMS, GMCHত প্ৰেৰণ কৰা হয়। ইফালে বলীয়া শিয়ালৰ আতংকক লৈ নিদ্ৰা হৰিছে গঞাৰ ।নিশা হাতে হাতে যাঠি-জোং লৈ পহৰা দিছে স্থনীয় ৰাইজে । ফটকা ফুটাই বলীয়া শিয়াল খেদাৰ চেষ্টা ৰাইজৰ । ঘটনাস্থলীত বন বিভাগৰ লোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ(Fox terror in North Guwahati)।
লগতে পঢ়ক : Autumn session of Assam Legislative Assembly begins today : আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন