Four youths die after falling into the river : বনভোজ খাবলৈ গৈ নদীত পৰি মৃত্যু চাৰিজন যুৱক-যুৱতীৰ
নেশ্যনেল ডেস্ক,২৮মাৰ্চ : বনভোজ খাবলৈ অহা য়ে হ’ল কাল । বনভোজ খাবলৈ আহি নদীত পৰি মৃত্যু চাৰিজন যুৱক-যুৱতীৰ ।
মধ্যপ্ৰদেশৰ উমৰিয়া জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। বুধবাৰে মধ্যপ্ৰদেশৰ উমৰিয়া জিলাত শ্বাহদলৰ পৰা বনভোজ খাবলৈ আহিছিল যুৱক-যুৱতী। ছ’ন নদীৰ টিকুৰি টোলাৰ সমীপৰ চকদহী ঘাটত ৮ জন বন্ধুৰ সৈতে শ্বাহদলৰ পেটেল নগৰৰ বাসিন্দা চাৰিগৰাকী যুৱক-যুৱতী আহিছিল(Four youths die after falling into the river)।
ঘটনা অনুসৰি, বনভোজ দলটোৰ এগৰাকী যুৱতীয়ে চেলফি তুলিবলৈ গৈ ছন নদী লৈ গৈছিল সেই সময়তে চেলফি তুলি থাকোতে নদীত পৰে। ইয়াৰ পিছত তিনিজন বন্ধুৱেও তেওঁক বচাবলৈ এজন এজনকৈ নদীত জাঁপ দিয়ে। কিন্তু যুৱতীগৰাকীক বচাবলৈ গৈ বাকী বন্ধু তিনিজনো মৃত্যুৰ মুখত পৰে। চাৰিওজন যুৱক-যুৱতীয়ে সাঁতুৰিব নাজানিছিল। সেয়েহে নদীত পৰি নিজকে বচাব নোৱাৰিলে তেওঁলোকে।ইফালে বনভোজ দলটোত অহা আন চাৰিজন বন্ধু তেওঁলোকৰ পৰা বহু দূৰৈত আছিল। ঘটনাটো ঘটি থকা অৱস্থাত তেওঁলোকে মানুহৰ পৰা সহায় বিচাৰিছিল যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল।
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে SDRF বাহিনী ঘটনাস্থলীত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।আৰক্ষী আৰু SDRF বাহিনীৰ অভিযানৰ অন্তত চাৰিওজন যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়।
মৃত যুৱক-যুৱতীকেইগৰাকীৰ ক্ৰমে পংকজ সিং, পলক সিং, পয়াল সিং আৰু শশাংক শ্ৰীবাস্তৱ বুলি জানিব পৰা গৈছে। তাৰ ভিতৰত যমজ ভগ্নী পলক আৰু পায়ল আছিল। ঘুংঘুটি আৰক্ষী চকী এলেকাত সংঘটিত দুৰ্ঘটনাটোৱে সৃষ্টি কৰিছে চাঞ্চল্য। ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে(Four youths die after falling into the river)।
লগতে পঢ়ক : woman killed in passenger train accident in udalguri : যাত্ৰীবাহী ৰে’লৰ চেপাত নিহত মহিলা