Primary Health Center in Hailakandi : স্বাস্থ্য কেন্দ্ৰৰ নামত অট্টালিকা , কিন্তু ভিতৰত নাই স্বাস্থ্যসেৱাৰ সামগ্ৰী

নেশ্যনেল ডেস্ক, ১৮ জুন : “আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল”। এই আপ্তবাক্যশাৰী যেন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবেই প্ৰযোজ্য এটা সুন্দৰ উপমা (Primary Health Center in Hailakandi) । কোটি কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ বিভিন্ন অঞ্চলত চৰকাৰে স্বাস্থ্য কেন্দ্ৰসমূহ নিৰ্মাণ কৰিলেও, বহু স্থানত ইয়াৰ পৰা উপকৃত হোৱা নাই সাধাৰণ জনতাৰ । লাভ কৰা নাই কোনো স্বাস্থ্য সেৱা । ফলত চিকিৎসাৰ অভাৱত বহু ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ অৱস্থাও সৃষ্টি হৈছে (Primary Health Center in Hailakandi)।
ৰাজ্যৰ এনে এটা স্বাস্থ্যকেন্দ্ৰ ,যিটো স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণৰ অন্তত কৰা মুকলিৰ পাছতো অঞ্চলটোৰ ৰাইজে পোৱা নাই স্বাস্থ্যসেৱাৰ সুবিধা । হাইলাকান্দি জিলাৰ দিননাথপুৰ ৰামচণ্ডী অঞ্চলত আছে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ।
২০১৯ চনতে সম্পূৰ্ণ হৈছিল স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম । কিন্তু আজি চাৰি বছৰৰ পিছতো ৰোগীৰ বাবে খোল নাখালে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ দোৱাৰ ।
প্ৰায় ১ কোটি ৭২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ এটা অট্টালিকা । স্বাস্থ্য কেন্দ্ৰৰ নামত অট্টালিকাটো হ’ল ঠিকেই, কিন্তু অট্টালিকাটোৰ ভিতৰত নাই স্বাস্থ্যসেৱাৰ বাবে প্ৰয়োজনীয় কোনো সামগ্ৰী । চিকিৎসালয়খনত নাই কোনো চিকিৎসক অথবা চিকিৎসাকৰ্মীও ।
প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ ২৫ মে’ তাৰিখে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ বাবে স্বাস্থ্য বিভাগে এগৰাকী চিকিৎসক নিয়োগ কৰিছিল । সেই চিকিৎসক গৰাকীও আজি পৰ্যন্ত কৰ্তব্যস্থলীত যোগদান কৰা নাই । ইফালে স্বাস্থ্য কেন্দ্ৰটোৰ এনে এক অৱস্থাক লৈ স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰে ক্ষোভ প্ৰকাশ কৰাৰ লগতে সংবাদ মাধ্যমৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে । তেখেতে স্বাস্থ্য কেন্দ্ৰটো অতি শীঘ্ৰেই কাৰ্যক্ষম কৰি ৰোগীৰ সহায়ক হোৱাকৈ চিকিৎসক আৰু চিকিৎসাকৰ্মী নিয়োগৰ বাবে দাবী জনায় ।
লগতে পঢ়ক : Heat wave alart in bihar : উত্তৰ প্ৰদেশত গৰমত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি