Local, Vocal, Global

Four persons arrested for extortion in Najira using ULFA(i) : নাজিৰাত আলফা (স্বাধীন)ৰ নামত ব্যৱসায়ীক ধন দাবী

নিউজ ডেস্ক,১৪জুলাই : আলফা (স্বাঃ)ৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত ৪ব্যক্তি।

নাজিৰাত সংঘটিত হৈছে অঘটন । নাজিৰাৰ বিহুবৰত আলফা স্বাধীনৰ নামত ধন দাবী কৰি ছালফাসহ আটক ৪জন যুৱক।

প্ৰাপ্ত খবৰ অনুসৰি, বিহুবৰ আৰু চন্টকত ব্যৱসায়ীক ধনদাবী কৰি গ্ৰেপ্তাৰ যুৱক হৈছে ৪জন যুৱক ৷ গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন প্ৰশান্ত চেতিয়া(ছালফা), কাঞ্চন বৰুৱা, পংকজ বৰগোঁহাই, ৰাহুল ৰাজখোৱা ৷ বিহুবৰ শিমলুগুৰি সোনাৰি আৰু শিৱসাগৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে যুৱককেইজনক(Four persons arrested for extortion in Najira using ULFA(i))।

বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Man allegedly kills wife : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি;ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে হত্যা কৰিলে পত্নীক