Congress And NPP Leaders Join BJP : অৰুণাচলত কংগ্ৰেছ শিবিৰত খহনীয়া; কংগ্ৰেছৰ দুই বিধায়কৰ বিজেপিত যোগদান

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : কংগ্ৰেছত ব্যাপক খহনীয়া ! আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । পুনৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰ চৰাত সৃষ্টি হৈছে জোকাৰণি(Congress And NPP Leaders Join BJP)।
এইবাৰ অৰুণাচলত কংগ্ৰেছ শিবিৰত ব্য়াপক খহনীয়তা। অৰুণাচলত দুই কংগ্ৰেছ আৰু NPP দুই বিধায়কৰ দলত্যাগ ৷ দুই বিধায়কে যোগদান কৰে বিজেপিত । NPPৰ প্ৰাক্তন ৰাজ্যিক সভাপতিৰো বিজেপিত যোগদান ৷
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত দুই কংগ্ৰেছী বিধায়ক নিনং এৰিং, ৱাংলিং লোয়াংডঙৰ বিজেপিত যোগদান কৰে ৷ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী আছিল নিনং এৰিং৷ NPPৰ মুটচু মিঠি, গৌকৰ বাছৰেও যোগ দিলে বিজেপিত(Four MLAs from Congress, NPP join BJP in Arunachal Pradesh ahead of polls)৷