Local, Vocal, Global

Four Maoists carrying ₹20L bounty surrender : ছত্তীশগড়ত চাৰি শীৰ্ষ মাওবাদীৰ আত্মসমৰ্পণ

নিউজ ডেস্ক,১৭জুলাই : মঙলবাৰে ছত্তীশগড়ৰ বস্তাৰ ডিভিজনৰ আৰক্ষী আৰু চি আক পি এফৰ যৌথ বাহিনীৰ হাতত আত্মসমৰ্পণ দুই মহিলাসহ চাৰি মাওবাদীৰ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এই মাওবাদী কেইজনৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ২০ লাখ টকা(Four Maoists carrying ₹20L bounty surrender )।

সুকমা জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ঘটনা সন্দৰ্ভত কয় যে, দৰিদ্ৰ আদিবাসীৰ ওপৰত চি পি আই (মাওবাদী) শীৰ্ষ নেতৃত্বৰ দমন-উৎপীড়ন দেখি অতিষ্ঠ হৈ এই মাওবাদী নেতা-নেত্ৰী কেইজনে আত্মসমৰ্পণ কৰিছে।

আত্মসমৰ্পণ কৰা এই মাওবাদী কেইজনৰ ভিতৰত অন্যতম কৈলাশ ওৰফে কৱাচি দেৱ নিষিদ্ধ সংগঠনটোৰ মিলিটেৰী স্তম্ভ আৰু পিপলছ লিবাৰেচন গেৰিলা আৰ্মি (পি এল জি এ)ৰ ১০ নম্বৰ কোম্পানীৰ ডেপুটি কমাণ্ডাৰ। তেওঁৰ মূৰৰ মূল্য আছিল ৮ লাখ টকা(Four naxals with cumulative bounty of Rs 20 lakh surrender in Chhattisgarh)।

ইয়াৰোপৰি আত্মসমৰ্পণকাৰী মাওবাদী কেইজনৰ মাজত আছে পি এল জি এৰ ৩০ নম্বৰ প্লাটুনৰ সদস্য ভঞ্জম হাদমা, দক্ষিণ বস্তাৰ আঞ্চলিক কমিটীৰ সদস্য সুক্কি মাদকম আৰু মহাৰাষ্ট্ৰৰ গড়ছিৰৌলী-ভমৰাগড় আঞ্চলিক কমিটীৰ সদস্য ৰাভা দেৱ। ইয়াৰে ভঞ্জম হাদমা আৰু সুক্কি মাদকমৰ মূৰৰ মূল্য আছিল ৫ লাখকৈ টকা। ৰাভা দেৱৰ মূৰৰ মূল্য আছিল দুই লাখ টকা।

আত্মসমৰ্পণকাৰী এই মাওবাদী চাৰিজনক চৰকাৰে প্ৰাথমিকভাৱে কিছু আৰ্থ সাহায্য প্ৰদান কৰিব। জানিব পৰা মতে প্ৰাথমিকভাৱে তেওঁলোকক ২৫ হাজাৰকৈ টকা আৰ্থিক সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে পেকেজ ঘোষণা কৰিব।

লগতে পঢ়ক : Illegal Liquor seized in Golaghat : গোলাঘাটৰ মক্ৰঙত অবৈধ বিলাতী সুৰা ভৰ্তি ট্ৰাক জব্দ