Local, Vocal, Global

Four labourers killed as roof of under-construction building collapses : ভাঙি পৰিল নিৰ্মীয়মাণ বিল্ডিঙৰ চাদ;নিহত ৪জন শ্ৰমিক

নেশ্যনেল ডেস্ক, ৩০ জুলাই : ভাঙি পৰিল নিৰ্মীয়মাণ বিল্ডিঙৰ চাদ । ফলত মৃত্যু ৪জনকৈ শ্ৰমিক ।

ৰাজস্থানক সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ খামনোৰত ভাঙি পৰিল নিৰ্মাণাধীন এটা বিল্ডিঙৰ চাদ । সোমবাৰে নিশা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

জিলা উপায়ুক্ত ডাঃ ভনৱাৰলালে জনোৱা অনুসৰি , “২৯ জুলাই সোমবাৰৰ নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ৷ সোমবাৰে নিশা নিৰ্মাণাধীন অট্টালিকাটোৰ চাদৰ তলৰ পৰা কিছু বাঁহৰ খুঁটা আঁতৰাই নিয়াৰ পিছত এই ঘটনা সংঘটিত হয় । বিল্ডিংটো এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত ১৩ জন শ্ৰমিক চাফা আৰু ৰং কৰিবলৈ ভিতৰলৈ সোমাইছিল আৰু সেই সময়তে চাদখন খহি পৰে(Four labourers killed as roof of under-construction building collapses) ।”

এই ভংয়কৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে চাদৰ তলত আৱদ্ধ হৈ হীৰালালে গাঁওবাসীক ফোনযোগে দুৰ্ঘটনা সম্পৰ্কে অৱগত কৰে আৰু গাঁওবাসীয়ে আৰক্ষীক জনায় ৷ ইয়াৰ পাচতে ভানৱৰলাল আৰু আৰক্ষী অধীক্ষক মনীষ ত্ৰিপাঠীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷

খামনোৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভগৱান সিং, নাথদ্বাৰৰ উপ-আৰক্ষী অধীক্ষক দীনেশ সুখৱালো উক্ত স্থানত উপস্থিত হয় । এছ ডি আৰ এফৰ এটা দল আৰু অসামৰিক প্ৰতিৰক্ষাৰ জোৱানসকলো উক্ত স্থানত উপস্থিত আছিল ।লগে লগে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । প্ৰায় ৫ ঘণ্টা পৰ্যন্ত ধৰি চলোৱা উদ্ধাৰ অভিযানৰ অন্তত মঙলবাৰৰ পুৱা ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা ৯জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল(Four labourers killed as roof of under-construction building collapses in Rajasthan) ।

লগতে পঢ়ক : Assam CM Himanta Biswa Sarma Bids Farewell to Governor Gulab Kataria : বিদায়ী ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু তেওঁৰ সহধৰ্মিণী অনিতা কাটাৰিয়াক সাক্ষাৎ মুখ্যমন্ত্রীৰ