ডবকাত ভয়ংকৰ পথ দূৰ্ঘটনা, শিশু মহিলাসহ চাৰিগৰাকীৰ মৃত্যু
নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ বিহুৰ উৰুকাৰ দিনাই ডবকাৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
ডবকাৰ ভেলৌগুৰি পাৱাৰগ্ৰীডৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই এখন ইনোভা বাহনে পথৰ দাঁতিত থকা ৰেলিঙত খুন্দা মৰাৰ ফলত চালক, শিশু আৰু মহিলাসহ চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ছয়গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।
আঘাতপ্ৰাপ্ত হোৱা ছয়গৰাকী লোকৰ ভিতৰত পাঁচগৰাকী লোকৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাগ্ৰস্ত এএছ-০১-এডব্লিউ-৪৬১৩ নম্বৰৰ ইনোভা বাহনখন গুৱাহাটীৰ পৰা ডবকা অভিমুখে আহি আছিল।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডবকা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে।