Local, Vocal, Global

Manipur violence : অশান্ত মণিপুৰ ! নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত হিংসাত্মক ঘটনা; নিহত ৪জন

নিউজ ডেস্ক, ২ জানুৱাৰী : অশান্ত মণিপুৰ ! শান্ত হোৱা নাই মণিপুৰ(Manipur violence) । অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনাৰ । চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হৈছিল সংঘৰ্ষ । এই সংঘৰ্ষই যেন এতিয়াও বন্ধ হোৱাৰ নাম লোৱা নাই। বিগত ৯ মাহে মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা (Violence In Manipur)।কিন্তু তাৰ মাজতে ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছিল যদিও ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ লগে লগে পোহৰলৈ আহিছিল বহু হিংসাত্মৰ ঘটনাৰ । তাৰ পিছতে পুনৰ বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা ।

উল্লেখ্য যে, অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু নিয়ন্ত্ৰিত হৈছিল যদিও নতুন বছৰটোৰ আৰম্ভণিতে পুনৰ সংঘটিত হয় আন এক হিংসাত্মক ঘটনাৰ । সোমবাৰে বিয়লি মণিপুৰ উপত্যকাৰ থৌবাল জিলাত পুনৰ সৃষ্টি হয় গোষ্ঠীগত সংঘর্ষ । ফলত ৪ জনকৈ লোকে প্ৰাণ হেৰুৱাই(4 civilians shot dead in Manipur in fresh violence)।

জানিব পৰা মতে সোমবাৰে থাউবাল জিলাৰ লিলং গাঁৱত অচিনাক্ত দুৰ্বৃত্তই স্বয়ংক্ৰিয় অস্ত্ৰৰে নিৰ্বিচাৰ গুলীচালনা কৰে। ফলত ৪ জন লোকৰ থিতাতে নিহত হয় আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।এই ঘটনাৰ পাছতে পুনৰ মণিপুৰৰ ইম্ফল উপত্যকাত ৫ খন জিলাত সান্ধ্য আইন বলবৎ কৰা হৈছে। আইন-শৃংখলা পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে ৰাজধানী ইম্ফলসহ পাঁচখন জিলাত কাৰ্ফিউ জাৰি কৰা হৈছে । জিলাকেইখন হৈছে থৌবাল, ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ আৰু ককচিং(Fresh outbreak kills 4, curfew imposed in 5 districts. 10 things we know so far ) ।

এই হিংসাত্মাক ঘটনাৰ পাছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সকলো মন্ত্ৰী আৰু দলীয় বিধায়কৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে সকলোকে শান্তি-শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে(Four killed as fresh violence rocks Manipur, CM appeals for peace) ।

স্থানীয় সূত্রৰ পৰা লাভ কৰা তথ্য মতে, নিহত ব্যক্তি তিনিজনক এখন গাড়ীৰে হাস্পতাললৈ নিয়াৰ সময়ত লিলং চিংঝাও অঞ্চলত বিপক্ষৰ দুষ্কৃতিকাৰীয়ে গাড়ীখন ৰখায় । তাৰ পিছত পুনৰ গুলী চলাই গাড়ীচালকক হত্যা কৰাৰ লগতে গাড়ীখনত অগ্নিসংযোগ কৰে । এই ঘটনাৰ পিছতে উপত্যকাটোৰ লগতে নিকটৱৰ্তী পাহাৰীয়া অঞ্চলতো তীব্ৰ উত্তেজনা বিয়পি পৰে ।আনহাতে, এই সংঘর্ষৰ ফলত আহত হয় আন কেইবাজনো লোক । ফলত পৰিস্থিতি চম্ভালিবলৈ মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙে যুযুধান দুয়োপক্ষকে সংযম ৰক্ষা কৰি চলাৰ আহ্বান জনোৱাৰ লগতে মন্ত্রীসভাৰ জৰুৰী বৈঠকৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :New Born Baby Dead Body Found : ভূলুণ্ঠিত মানৱতাঃ কাৰ্টুনৰ ভিতৰত উদ্ধাৰ মৃত নৱজাতক