Local, Vocal, Global

Four hackers arrested in Mangaldai:মঙ্গলদৈত ৪ জনকৈ হেকাৰ কৰায়ত্ত অসম আৰক্ষীৰ

২৫ জানুৱাৰী ২০২৫,মঙ্গলদৈ: মঙ্গলদৈত ৪ জনকৈ হেকাৰ কৰায়ত্ত অসম আৰক্ষীৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি দৰঙত বাহৰ পাতিছিল হেকাৰে ।ইতিমধ্যে বহু কেইগৰাকী ব্যক্তিৰ পৰা বেংকৰ ধন হেক কৰি লুটি নিছিল হেকাৰ কেইজনে ।আৰক্ষীৰ গোপন খৱৰৰ ভিত্তিত কৰায়ত্ত কৰিবলৈ সক্ষম হয় দৰং আৰক্ষী।আটকাধীন যুৱক কেইজন ক্ৰমে গুৱাহাটী লাল মাটিৰ চাকিব চৌধুৰী, শিৱসাগৰৰ বিক্ৰম নেওগ, ছিপাঝাৰৰ প্ৰাঞ্জীত চহৰীয়া আৰু মঙ্গলদৈৰ ৰুদু আলী।আটাইকেইজনৰ পৰা আৰক্ষীয়ে বিভিন্ন আপত্তি জনক নথি পত্ৰ জব্দ কৰাৰ উপৰিও মোবাইল সমুহ জব্দ কৰে।ইতিমধ্যে অপৰাধী কেইজনৰ পৰা মোবাইল সমুহ জব্দ কৰি অসমৰ লগতে অন্য ৰাজ্যৰ বহু লোকৰ ধন আত্মসাৎ কৰা তথ্য পাবলৈ সক্ষম হয়।আৰক্ষীয়ে জনোৱা মতে চাৰিউজনকে তিনি দিন সোধপোচ অব্যাহত ৰাখিছিল। তদন্ত অব্যাহত ৰাখি আৰু তথ্য পাবলৈ সক্ষম হ’ব বুলি জানিব দিয়ে আৰক্ষীয়ে।ইতিমধ্যে মঙ্গলদৈ আৰক্ষীয়ে MLD PS 14/25/US/316(2)/318(4)/336(3)/340(2)/61(2) BNS ত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।