Assam Flood 2023 : বছৰৰ প্ৰথমটো বানে বোৱাইছে ৰাজ্য

নিউজ ডেস্ক, ১৫ জুন : বছৰটোৰ প্ৰথমটো বানৰ কবলত ৰাজ্য । বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়ি আহিছে নৈ-উপনৈসমূহ (Assam Flood 2023) । কেৱল সিমানে নহয়, বহু ঠাইত বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ খেতিপথাৰ । লগতে বানৰ পানীৰে প্লাৱিত হৈছে ৰাস্তা-ঘাট তথা ঘৰ-দুৱাৰ ।
যিসময়ত ৰাজ্যৰ কেইবাখনো জিলাত চলিত বৰ্ষৰ প্ৰথমটো বানে বিভীষিকাৰ সৃষ্টি কৰিছে তাৰ মাজতে ৰাজ্যৰ মুঠ ২৯ খন জিলালৈ আগন্তুক ৪ দিনৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট । কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ ই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ১৫ জুনত ৰাজ্যৰ মুঠ ৫ খন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু ২৪ খন জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে।
১৬ জুনৰ দিনটোত ৪ খন জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট (Orange Alart)। ১৭ আৰু ১৮ জুনত কোনো এখন জিলাতে অৰেঞ্জ এলাৰ্ট নাই যদিও বহু কেইখন জিলাত আছে য়েল্ল’ এলাৰ্ট(Yellow Alart) । এই সময়ছোৱাত প্ৰৱল বৃষ্টিপাত, ধুমুহা অহাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ এই নিৰ্দেশনা সঠিক প্ৰমাণ কৰি ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাতেই প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাই তাণ্ডৱ আৰম্ভ কৰিছে ।
ৰাজ্যৰ প্ৰথমটো বানৰ কবলত ৪ খন জিলা ক্ষতিগ্ৰস্ত প্ৰায় ২১,০০০ লোক । বানৰ কবলত পৰা চাৰিখন জিলা লখিমপুৰ, ধেমাজি, কাছাৰ আৰু কামৰূপ (মেট্ৰ’) জিলা । পাঁচটা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ১৯ খন গাঁও বৰ্তমান পানীৰ তলত ।
আনহাতে, প্ৰথমটো বানতে বানে খহাইছে বহু ঠাইৰ মথাউৰি । অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বুধবাৰে প্ৰকাশ কৰা মতে, ৰাজ্যখনৰ চাৰিখন জিলা প্ৰথমটো বানৰ কবলত পৰিছে । ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২১,০০০ লোক । অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) সূত্ৰত প্ৰকাশ পোৱা মতে, চলিত বৰ্ষৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ জিলা । কেৱল লখিমপুৰ জিলাতে ২,৪৪৮ শিশুসহ মুঠ ২০,৭৬৮ জন লোক এই বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা অনুসৰি, শিঙৰা নদীয়ে বুধবাৰে লখিমপুৰ জিলাৰ দুটাকৈ মথাউৰি ভাঙি যায় । ইফালে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাৰ ছয়টা পথ ক্ষতিগ্ৰস্ত হৈছে । “নেৰানেপেৰা বৰষুণৰ পিছতে ৰাজ্যৰ বহুতো নদীৰ জলস্তৰ বৃদ্ধি পাইছে ।” ASDMA-ৰ প্ৰতিবেদনত প্ৰকাশ ।
উল্লেখ্য যে, চলিত বছৰত ৰাজ্যৰ প্ৰথমটো বানৰ ফলত লখিমপুৰ, ধেমাজি, কাছাৰ আৰু কামৰূপ জিলা প্ৰভাৱিত হৈছে । আনহাতে, পাঁচটা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ১৯ খন গাঁও বৰ্তমান পানীৰ তলত আছে ।
ইয়াৰ উপৰি ১৭৮৭টা জীৱ-জন্তুও এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে । ASDMA-ৰ সূত্ৰই জনোৱা অনুসৰি , বানপীড়িত জিলাকেইখনত এই বানৰ ফলত ১৩.৫০ হেক্টৰ খেতিপথাৰ জলমগ্ন হৈ ক্ষতিগ্ৰস্ত হৈ পৰিছে । ইফালে বাৰিষাৰ আৰম্ভণি পৰিপেক্ষিতত ৰাজ্যজুৰি বৰষুণৰ ফলত বানপানীৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১১ জুনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিল । ৰাজ্যিক প্ৰশাসনৰ বিষয়াসকলৰ লগতে সকলো জিলাৰ উপায়ুক্ত আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বানৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে ।
লগতে এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু সাহায্য ব্যৱস্থা সাজু কৰি ৰাখিবলৈ এক ভিডিঅ’ কনফাৰেন্সযোগে সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায় ।
মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যখনত বাৰিষা আৰম্ভ হোৱাৰ লগে লগে NHAI, NHIDC, NDRF আৰু SDRF-কে ধৰি সকলো চৰকাৰী বিভাগে বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ যাবলৈ সতৰ্ক হৈ থকা উচিত ।” আনহাতে, তেওঁ ASDMA-ক বানপানীৰ সম্ভাৱ্য ভাবুকিৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক কৰিবলৈ বিপদৰ আশংকা থকাৰ ক্ষেত্ৰত যোগাযোগ আৰু আগতীয়া সতৰ্ক ব্যৱস্থা সক্ৰিয় কৰিবলৈও আহ্বান জনায় ।
আনহাতে, বানপানীৰ ফলত দ বাসস্থানৰ অঞ্চলবোৰ ডুবি যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক সাহায্য শিবিৰ স্থাপন কৰিবলৈ আৰু সাহায্য বিতৰণ কেন্দ্ৰসমূহত সাহায্য বিতৰণ ব্যৱস্থা সুশৃংখল কৰিবলৈও কয় ।
লগতে পঢ়ক : Manipur violence : মণিপুৰৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগhttps://mynewsne.com/manipur-ministers-official-quarters-set-on-fire/