landslide in Jammu Srinagar : জম্মু-কাশ্মীৰত ভয়ংকৰ ভূমিস্খলন
নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । মঙলবাৰে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু হয় । ৰামবান জিলাত সংঘটিত হোৱা এই ঘটনাই অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰিছে(Four dead as landslide hits truck on Jammu Srinagar National Highway) ।
উল্লেখ্য যে, ভূমিস্খলনৰ ঘটনাটো বানিহাল চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বেৰবিবি অংশত সংঘটিত হৈছে । ভয়ংকৰ ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা শিল, মাটি নামি আহি এখন ট্ৰাকৰ ওপৰতে পৰে । ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰে ট্ৰাকখন । ফলত ট্ৰাকখনত থকা ৪ গৰাকী লোকৰ মৃত্যু হয়(landslide in Jammu Srinagar) ।
জানিব পৰা মতে, নিহত লোক দুজনক ট্ৰাক চালক মহম্মদ আফজল গাৰু (৪২), তেওঁৰ ভাতৃ কুলগামৰ আলতাফ গাৰু (৩৬), ইৰফান আহমেদ (৩৩) আৰু তেওঁৰ ভাতৃ শ্বোকাট আহমদ (২৯) অনন্তনাগৰ বুলি চিনাক্ত কৰিছে।
ঘৰুৱা ব্যৱহাৰৰ বাবে ট্ৰাকখনত কঢ়িয়াই অনা প্ৰায় ছটা গৰুও দুৰ্ঘটনাত নিহত হয়।
ইফালে এই ভয়ংকৰ ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় স্থানীয় আৰক্ষীৰ দল ।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৱাগান বানিহালত এখন বাহনৰ ওপৰত পাহাৰৰ পৰা নামি অহা প্ৰকাণ্ড শিল বাগৰি পৰে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা ৪ গৰাকী লোকৰ মৃতদহে উদ্ধাৰ কৰিছে আৰু এছডিএইছ বনিহাললৈ প্ৰেৰণ কৰা হৈছে । মৃতকৰ পৰিয়াল তথা আত্মীয়লৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এই তথ্য প্ৰেৰণ কৰিছে বুলিও জানিবলৈ দিয়ে(4 dead after landslide hits truck on Jammu Srinagar highway) ।
ইফালে প্ৰশাসনে ঘটনাস্থলীত অভিযান অব্যাহত ৰাখিছে । কোনো লোক দুৰ্ঘটনাস্থলীত আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক :G20 Summit 2023 : G-20 ৰ বৈঠকৰ অন্তত দিল্লীত যান-বাহনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ