Rajasthan Bus Accident:ৰেলপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ
নেশ্যনেল ডেস্ক, ৬নৱেম্বৰ : যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত । ৰেলপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ । ফলত মৃত্যু ৪জনৰ, আহত ২৪জন(Rajasthan Bus Accident) ।
এক শোকাৱহ দুৰ্ঘটনা । দেওবাৰে নিশা ৰাজস্থানত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । দেওবাৰে নিশা এখন যাত্ৰীবাহী বাছ গৈ থকাৰ সময়তে ৰাজস্থানৰ জিলা সদৰ চহৰ দৌছাৰ কালেক্টৰেট চাৰ্কলৰ সমীপত ৰেলপথত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে(4 Dead, Several Injured As Bus Falls On Railway Track In Rajasthan) ।
জানিব পৰা মতে, বাছখনত ৩০জন যাত্ৰী আছিল ইয়াৰে ২৪ জনে আহত হোৱাৰ বিপৰীতে নিহত হয় ৪জন । আহত আটাইকেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
উল্লেখ্য যে, দৌছা কলেক্টৰেট চাৰ্কলৰ সমীপত ৰেলপথত এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই গতি পথ সলোৱাৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৪ জন আহত হয় । আহত আটাইকেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । এই ভয়ংকৰ দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় কৰ্তৃপক্ষই ঘটনাস্থলীত উপস্থিত হয় আৰু জিলা বিষয়াসকলৰ উদ্যোগত আৰম্ভ কৰে উদ্ধাৰ অভিযান(Four dead as bus falls on railway track in Dausa) ।
ইফালে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে । তদন্তত পোহৰলৈ আহে বাছখনে গতি পথ সলোৱাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়(4 Dead, Many Hurt After Bus Falls On Railway Track In Rajasthan) ।
ৰাজস্থানৰ মহকুমাধিপতি ৰাজকুমাৰ কাছৱাই জনোৱা মতে, ঘটনাৰ তদন্তৰ বাবে ঘটনাস্থলীত এছডিএম প্ৰেৰণ কৰা হৈছে । মৃত লোকসকলৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিষয়াসকলে(Four dead, several injured in Rajasthan’s Dausa after bus falls from overbridge) ।
লগতে পঢ়ক : Mizoram Assembly polls: ৭ নৱেম্বৰত মিজোৰাম বিধানসভা নিৰ্বাচন; নিৰ্বাচনৰ বাবে আৰম্ভ নিৰ্বাচনী প্ৰস্তুতি