Local, Vocal, Global

Cyber police stations in Assam : ৰাজ্যত স্থাপন কৰা হ’ব ৪খন চাইবাৰ আৰক্ষী থানা

নিউজ ডেস্ক, ২১ জুন : অসম আৰক্ষীয়ে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্যত বর্ধিত চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত (Cyber police stations in Assam) । বৰ্ধিত চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাজ্যত স্থাপন কৰিব চাৰিখনকৈ চাইবাৰ আৰক্ষী থানা (Four cyber police stations in Assam)।

অসম চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগৰ সদস্য মুখ্য সচিব নীৰজ বৰ্মাই স্বাক্ষৰ কৰা এক জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে । জাননী অনুসৰি নতুনকৈ স্থাপন কৰিবলগীয়া এই চাৰিখন চাইবাৰ আৰক্ষী থানাৰ ভিতৰত দুখন স্থাপন কৰা হ’ব গুৱাহাটীত আৰু আন দুখনৰ ভিতৰত এখন উজনি অসমৰ ডিব্ৰুগড়ত আৰু আনখন বৰাক উপত্যকাৰ শিলচৰত স্থাপন কৰা হ’ব।

উল্লেখ্য যে, গুৱাহাটীত স্থাপন কৰিবলগীয়া চাইবাৰ আৰক্ষী থানাৰ এখন চি আই ডিৰ মুখ্য কাৰ্যালয়ত হ’ব আৰু আনখন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা হ’ব। গুৱাহাটীৰ এই দুয়োখন চাইবাৰ আৰক্ষী থানা একোজনকৈ ডি এছ পি পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰিব। আৰু ডিব্ৰুগড়, শিলচৰৰ চাইবাৰ আৰক্ষী থানা দুখন অ’ চি পৰ্যায়ৰ বিষয়াই।

গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ত স্থাপন হ’বলগীয়া চাইবাৰ আৰক্ষী থানাৰ নেতৃত্বত এজন ডি এছ পি থকাৰ উপৰিও ৬ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক, লেঞ্চ নায়ক থাকিব। তাৰোপৰি থাকিব ২০ জনকৈ কনিষ্টবল।

চি আই ডিৰ কাৰ্যালয়ত স্থাপন হ’বলগীয়া থানাখনত থাকিব এজন ডি এছ পিৰ লগতে ১০ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক, নেঞ্চ নায়ক। তাৰোপৰি থাকিব ৩০ জন কনিষ্টবল।

ডিব্ৰুগড়ৰ চাইবাৰ আৰক্ষী থানাই শদিয়া আৰক্ষী জিলা, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ আৰু ধেমাজিক সামৰি ল’ব। শিলচৰ চাইবাৰ আৰক্ষী থানাই শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু ডিমা হাচাওক সামৰি ল’ব।

এই আৰক্ষী থানা দুখনত ৫ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক, লেঞ্চ নায়ক থকাৰ উপৰিও ১৫ জনকৈ কনিষ্টবল থাকিব।

আনহাতে, ৰাজ্যৰ সমগ্ৰ চাইবাৰজনিত অপৰাধৰ ঘটনাক গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আৰু চিআইডিৰ মুখ্য কাৰ্যালয়ত স্থাপন হ’বলগীয়া চাইবাৰ থানাই পর্যবেক্ষণ কৰিব। আৰু ডিব্ৰুগড়ত স্থাপন হ’ব লগা চাইবাৰ আৰক্ষী থানাই শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ আৰু ধেমাজি আৰক্ষী জিলাৰ অপৰাধ তদাৰক কৰিব। ইফালে শিলচৰত স্থাপন হ’ব লগা চাইবাৰ আৰক্ষী থানাই শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ লগতে ডিমা হাছাও জিলাবোৰৰ চাইবাৰ অপৰাধ তদাৰক কৰিব।

লগতে পঢ়ক : Constituency delimitation draft : অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা তথ্য সমূহ