four cattle thieves arrested in dhemaji : ধেমাজিত আটক চাৰিটাকৈ গৰু চোৰক
নিউজ ডেস্ক,১৮মে’ : ধেমাজিৰ বিভিন্ন অঞ্চলত গৰু চোৰৰ উপদ্ৰৱ ৷ বিগত কেইটামাহৰ পৰা ধেমাজিৰ বিভিন্ন অঞ্চলত প্ৰায় দুই শতাধিক গোধন চুৰি হৈছে।
শুকুৰবাৰে আৰক্ষীয়ে গৰু চোৰৰ সন্দৰ্ভত চাৰিটাকৈ গৰু চোৰক আটক কৰাৰ পাছতে বিভিন্ন তথ্য পোহৰলৈ আহিছে।
ইফালে আৰক্ষীয়ে গৰু চোৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
জানিব পৰা মতে, আৰক্ষীয়ে আটক কৰা গৰু চোৰৰ এই চক্ৰটোৱে ধেমাজিৰ বঙালমাৰী, মাটিখোলা, বটুৱা, ফাটিহা, জামুকনি, তেলিজান, দক্ষিন ধেমাজিকে ধৰি গাওঁকেইখনৰ কৃষি প্ৰধান অঞ্চলৰ পৰা বিগত দুই-তিনি মাহতেই দুই শতাধিক বলধ গৰু চুৰি কৰি ঢকুৱাখানা টেকেলাফুটা হৈ বিভিন্ন অঞ্চললৈ প্ৰেৰণ কৰাৰ খবৰ লাভ আছিল যদিও এই সন্দৰ্ভত কোনো প্ৰকৃত তথ্য নাছি(four cattle thieves arrested in dhemaji)।
কিন্তু বৃহস্পতিবাৰে নিশা বলেৰ’ পিক আপ ভানত চাৰি চোৰে গৰু লৈ উধাও হওঁতেই ৰাইজে হাতে লোটে ধৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। বঙালমাৰী স্থানীয় ৰাইজে চাৰি চোৰক ধৰি নিশাই ধেমাজি আৰক্ষীৰ হাতত চমজাই দিয়ে ৷জানিব পৰা মতে পথাৰত চৰি থকা গৰু চোৰে খেদি তেওঁলোকৰ নিৰ্দেষ্ট বাহন থোৱা স্থানলৈ লৈ যায়। তাৰ পিছত সেই বাহনত তুলি উধাও হয়। বৃহস্পতিবাৰেও সেয়াই কৰিছিল এই চোৰৰ দলটোৱে।
তেওঁলোকে পথাৰৰ গৰু খেদি নি নিৰ্দিষ্ট স্থানত থোৱা এ এছ ২২ চি ২৯৭২ নম্বৰৰ বলেৰ’ পিক আপ ভানখনৰ কাষলৈ গৰু লৈ গৈ গাড়ীখনত তুলি লয়। ইয়াৰ পিছতেই নিশা তেওঁলোকক স্থানীয় ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হয়।
এই চোৰ কেইটা ক্ৰমে তৰুন দলে (৪১), তীৰ্থনাথ কাৰ্দং (২৬), পুলকেশ পেগু(২৫) আৰু পবিত্ৰ চিন্তে(১৯)। স্থানীয় ৰাইজৰ মতে এই চাৰিটা চোৰক ভালকৈ সোধপোছ কৰিলেই সমগ্ৰ গৰু চুৰি চক্ৰটোৰ বিষয়ে সবিশেষ তথ্য পোহৰলৈ আহিব।