Local, Vocal, Global

Four Bangladeshi nationals detained : অসমত প্ৰৱেশৰ চেষ্টা ৪ বাংলাদেশী মহিলাৰ

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : পুনৰ বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা । কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ৪ বাংলাদেশী নাগৰিকক চিনাক্ত ।

পুৱতি নিশাই BSF ৰ সহযোগত আটক কৰে বাংলাদেশী মহিলাকেইগৰাকীক । আটক কৰা বাংলাদেশী কেইগৰাকী তুলি আখতাৰ,ৰিয়া ছেক.ইভা খাতুন আৰু তাহুৰ খাতুন বুলি চিনাক্ত কৰা হৈছে । বাংলাদেশী মহিলাকেইগৰাকীক পুনৰ ওভতাই পঠিয়ালে আৰক্ষীয়ে(Four Bangladeshi nationals detained)।

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমৰ এক পোষ্টত জড়িয়তে কয়, “অনুপ্ৰৱেশৰ বিৰুদ্ধে আমি সম্পূৰ্ণৰূপে সজাগ আৰু সচেতন হৈ আছোঁ৷ যাৰ ফলশ্ৰুতিত কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আমাৰ অসম আৰক্ষীয়ে তুলি আখতাৰ, ৰিয়া শ্বেখ, ইভা খাতুন আৰু তাহুৰা খাতুন নামৰ চাৰিগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে৷ পাছত তেওঁলোকক সীমান্তৰ সিপাৰে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়৷
দিনে-নিশাই অহৰহ সীমান্তত পহৰা দি অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সেৱা আগবঢ়োৱা আমাৰ আৰক্ষীৰ কৰ্মৰ শলাগ ল’লোঁ৷ ।”

লগতে পঢ়ক :Potters busy making durga murti in Abhayapuri : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন; অভয়াপুৰীত দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পী