Four army personnel killed in Doda encounter : সেনা-সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী;শ্বহীদ ৪গৰাকী সেনা জোৱান

নিউজ ডেস্ক,১৬জুলাই : সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । ৪গৰাকী সেনা জোৱান শ্বহীদ।
জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হৈছে সন্ত্ৰাসবাদী-সেনাবাহিনীৰ গুলীয়াগুলী।
জানিব পৰা মতে, সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ পাই সেনাই চলোৱা এক অভিযান। অভিযানত শ্বহীদ হয় ৪গৰাকী সেনা জোৱান। লগতে এই অভিযান কেইবাগৰাকীও সেনা জোৱান আহত হয়(Four army personnel killed in Doda encounter)।
এজন আৰক্ষী বিষয়াই জনায়, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান। সেই অঞ্চলত সন্ত্ৰাসবাদীৰ দল লুকাই থকাৰ খবৰ আছিল।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তালাচী অভিযানৰ সময়ত অতৰ্কিতে সেনা বাহিনীৰ দিশে ধাৰাসাৰ গুলীবৰ্ষণ কৰা হয়। প্ৰত্যুত্তৰ দিয়ে সেনা বাহিনীয়েও। দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা হয়। ২০ মিনিটৰো অধিক সময় ধৰি চলে এই গুলীচালনাৰ ঘটনা। সেই সময়তে সন্ত্ৰাসবাদীৰ গুলীত এজন বিষয়াসহ তিনিজন জোৱান আহত হয়। লগতে এজন আৰক্ষীৰ দেহতো গুলী লগা বুলি খবৰ প্ৰকাশ পাইছে।
বৰ্তমান সেনা, আৰক্ষী আৰু চি আৰ পি এফে যুটীয়াকৈ সমগ্ৰ এলেকাটো ঘেৰি অব্য়হাত ৰাখিছে অভিযান।
উল্লেখ কৰা প্ৰয়োজন যে, বিগত এমাহৰ ভিতৰত এইটো হৈছে তৃতীয়টো সেনা-সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষ।
লগতে পঢ়ক : Sensational Incident in JMCH : JMCHত শিশু মৃত্যুৰ তদন্ত প্ৰতিবেদন দাখিল