Local, Vocal, Global

Four accused in Dharmendra Nath murder case arrested:ৰঙিয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৪ অভিযুক্তক আটক আৰক্ষীৰ

নিউজ ডেস্ক,৩১ডিচেম্বৰ : ৰঙিয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৪ অভিযুক্তক আটক আৰক্ষীৰ। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তত্বাৱধানত পশ্চিমবংগৰ পৰা আটক কৰে অভিযুক্তকেইটাক(Four accused in Dharmendra Nath murder case arrested)।

ধৃত চাৰি অভিযুক্তকেইটা ক্ৰমে মনি কাকতি, অনুষ্ময় কলিতা, বিকি লহকৰ আৰু নিতু কলিতা।

উল্লেখ্য যে,চলিত বৰ্ষৰ ২৫ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈছিল ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজন। তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰা হৈছিল এক গোচৰ। গোচৰ দাখিল কৰিছিল যদিও ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল আৰক্ষীয়ে ।তাৰ পিছতে ধৰ্মেন্দ্ৰ নাথৰ সন্ধান বিচাৰি স্থানীয় লোকে ৰঙিয়া আৰক্ষী থানাও ঘেৰাও কৰিছিল।

তাৰ পাছতেই সোমাবাৰে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত এটা পুখুৰীত উদ্ধাৰ হয়। তাৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য।

লগতে পঢ়ক :Happy New Year 2025 :আজি বছৰৰ শেষৰটো দিন;পুৰণি বছৰটোক বিদায় দি নতুন এটা বছৰক আদৰিবলৈ সাজু ৰাজ্যবাসী