Local, Vocal, Global

Foundation Stone of Hospital in Narayanpur : নাৰায়ণপুৰত ১১২ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ৬ মাৰ্চ : আজি বিহপুৰীয়া বিধানসভাৰ সমষ্টিৰ নাৰায়ণপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা ৷ নাৰায়ণপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই নাৰায়ণপুৰত লখিমপুৰ জিলা পৰ্যায়ৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে(Foundation Stone of Hospital in Narayanpur) ।

জানিব পৰা এই হাস্পতালখন ১১২ কোটি টকাৰে নিৰ্মাণ হ’ব আৰু চিকিৎসালয়খনত ১০০ খন বিচনাৰ সুবিধা থাকিব ৷ চাৰিমহলীয়া এই ১০০ খন বিচনাযুক্ত চিকিৎসালয়ত ৩ টা অস্ত্ৰোপচাৰ কক্ষ, চিটি স্কেন, আই চি ইউৰ লগতে দন্ত সেৱাৰ ব্যৱস্থা থাকিব ৷ চিকিৎসালয়খনৰ নিৰ্মাণৰ সময়মীমা ২৪ মাহ ধাৰ্য কৰি দিয়া হৈছে নিৰ্মাণকাৰী সংস্থাক ৷ চিকিৎসালয়খন ১৮ মাহতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিলে অসম চৰকাৰে ৩ কোটি টকা পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Foundation Stone of Hospital in Narayanpur) ৷

লগতে পঢ়ক : Firing At Guwahati’s Borbari : অভিযুক্ত বাপনে কোকৰাঝাৰৰ পৰা ক্ৰয় কৰিছিল 0.9 MM পিষ্টল