Local, Vocal, Global

Former YouTube CEO Susan Wojcicki Dies At 56 : অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে ইউটিউবৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চুজান ৱ’জচিকি

ইন্টাৰনেশ্যনেল ডেস্ক, ১১আগষ্ট : অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে ইউটিউবৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চুজান ৱ’জচিকি। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৫৬ বছৰ।

গুগলৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰযুক্তিৰ পথ প্ৰদৰ্শক তথা ইউটিউবৰ প্ৰাক্তন মুৰব্বী চুছান ৱ’জচিকিৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সৈতে যুঁজি 56 বছৰ বয়সত মৃত্যু হোৱা বুলি শুকুৰবাৰে তেওঁৰ স্বামীয়ে ঘোষণা কৰে(Former YouTube CEO Susan Wojcicki Dies At 56) ৷

তেঁওৰ মৃত্যুৰ পাছতে স্বামী ডেনিছ ট্ৰপাৰে সামাজিক মাধ্যমত এটি আবেগিক প’ষ্ট কৰে। তেঁও উল্লেখ কৰে যে “মোৰ মৰমৰ পত্নী চুজান আৰু নাই। সন্তান আৰু মোক এৰি তেঁও গ’লগৈ। চুজান কেৱল মোৰ প্ৰিয় বন্ধু অথবা জীৱন সংগীয়েই নাছিল। তেঁও এগৰাকী মৰমিয়াল মাতৃও আছিল। তেঁওৰ অনুপস্থিতি মই পলে পলে অনুভৱ কৰিম। আমাৰ পৰিয়াল আৰু পৃথিৱীখনৰ ওপৰত তেওঁৰ প্ৰভাৱ আছিল অসীম ৷”

বিগত ২বছৰ ধৰি তেঁও হাঁওফাওৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল। যথেষ্ট জ্ঞানৰ অধিকাৰী হৈও অতি সহজ-সৰল জীৱন-যাপন কৰিছিল তেঁও। ৫টা সন্তানৰ মাতৃ চুজানৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগতে বিভিন্ন মহলত শোকৰ ছাঁ পৰিছে(Former YouTube CEO Susan Wojcicki dies at 56 after battling lung cancer for 2 years)।

প্ৰায় এটা দশকজুৰি জনপ্ৰিয় এপ ইউটিউবৰ মুখ্য কাৰ্যবাহীৰ দায়িত্ব পালন কৰি ইউটিউৰ উত্থাপনত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল চুজানে। গুগলৰ উত্থানতো আছে এইগৰাকী প্ৰযুক্তিবিদৰ যথেষ্ট অৰিহণা ।

2014 চনত ইউটিউবৰ চি ই অ’ হিচাপে নিযুক্তি পোৱা ৱ’জচিকিয়ে নতুন ধৰণৰ বিজ্ঞাপনৰ প্ৰৱৰ্তন কৰে আৰু দৰ্শকে শ্ব’ আৰু ছবিৰ বাবে ইণ্টাৰনেটৰ ফালে ক্ৰমান্বয়ে মুখ কৰাৰ লগে লগে ষ্ট্ৰীমিং টেলিভিছন সেৱা আৰম্ভ কৰি ইয়াৰ বৃদ্ধিত সহায় কৰে ৷ বিশেষকৈ কোভিড-19 মহামাৰীৰ সময়ত শিশুৰ গোপনীয়তা, ঘৃণামূলক ভাষণ আৰু ভুল তথ্য বিয়পোৱাৰ ওপৰত উদ্বেগক নেভিগেট কৰাৰ সময়তো তেওঁ কোম্পানীটোক তদাৰক কৰিছিল ৷

লগতে পঢ়ক : A Tea Meeting Attended By PM Modi, Rahul Gandhi :সংসদ চৌহদত আয়োজিত চাহমেলত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তথা আন আন বিৰোধী দলৰ নেতাসকলৰ