Local, Vocal, Global

গুৱাহাটী মহানগৰীৰ পৰা অপহৰণ প্ৰাক্তন আলফা কেডাৰ

নিউজ ডেস্ক, ৯ মে’- গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা অপহৃত হ’ল এজন প্ৰাক্তন আলফা কেডাৰ। আলফা কেডাৰজনৰ নাম সিতেশ্বৰ ৰাভা ওৰফে লাডেন। মূলসুঁতিলৈ ঘূৰি অহা লাডেনক মহানগৰীৰ বাঘৰবৰীৰ পৰা অপহৰণ কৰে দূৰ্বৃত্তই।

মহানগৰীৰ বাঘাৰবাৰী অঞ্চলৰ পৰা তেওঁক তেওঁৰ পত্নীৰ সৈতে অপহৰণ কৰা হৈছিল। খবৰ অনুসৰি, লাডেনে কেইবছৰমান পূৰ্বে বাংলাদেশত বন্দী হৈ থকাৰ পিছত মূলসুঁতিত যোগদান কৰিছিল।

সৌভাগ্যক্ৰমে, তেওঁৰ পত্নী নিভা ৰাভাই অপহৰণকাৰীৰ কবলৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতেই, পত্নী নিভা ৰাভাই দিচপুৰ আৰক্ষী চকীলৈ যায় আৰু ঘটনাটোৰ খবৰ দিছিল। অৱশ্যে, তেওঁ দাবী কৰে যে আৰক্ষীয়ে এতিয়াও অভিযোগ পঞ্জীয়ন কৰা নাই।

তেওঁ কয় যে, অপহৰণকাৰীসকলে তেওঁক ফোনযোগে তেওঁৰ স্বামীৰ মুক্তিৰ বাবে ৮০-৯০ লাখ টকা দাবী কৰিছিল। দাবী কৰা ধন যোগাৰ কৰিবলৈ এতিয়া হাহকাৰৰ অৱস্থা হৈছে পত্নী নিভা ৰাভাৰ ।

পূৰ্বে বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল সিতেশ্বৰ ৰাভা ওৰফে লাডেন। ঘটনাৰ সন্দৰ্ভত  দিছপুৰ আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে গোচৰ নোলোৱাৰ অভিযোগ মহিলাগৰাকীৰ। আৰু এতিয়া স্বামীক ঘূৰাই আনিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে নিভা ৰাভা নামৰ মহিলাগৰাকীয়ে।