Local, Vocal, Global

Former Twitter executives sue Elon Musk for USD128 million in severance payments : এক্সৰ মুৰব্বী এলন মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজ ডেস্ক, ৫মাৰ্চ : এলন মাস্কৰ বিৰুদ্ধে ৰুজু গোচৰ । পূৰ্বৰ কৰ্মচাৰীৰে এক্সৰ মুৰব্বী এলন মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

জানিব পৰা মতে, বৰ্তমান এক্স হিচাপে জনাজাত কোম্পানীটোৰ ৪ গৰাকী প্ৰাক্তন বিষয়াই মাস্কৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ । কেলিফৰ্ণিয়াৰ ফেডাৰেল আদালতত দাখিল কৰা হৈছে গোচৰটো(Former Twitter executives sue Elon Musk for USD128 million in severance payments) ।

আটাইকেইগৰাকী প্ৰাক্তন বিষয়াই দাবী কৰা অনুসৰি, তেওঁলোকক টুইটাৰৰ পৰা বৰ্খাস্ত কৰাৰ পিচত দিব লগা সম্পূৰ্ণ ক্ষতিপূৰণ এতিয়ালৈ দিয়া হোৱা নাই । এই গোচৰ ৰুজু কৰিছে পৰাগ আগৰৱাল আৰু টুইটাৰৰ প্ৰাক্তন চিএফঅ’ নেড চেগাল, প্ৰাক্তন মুখ্য আইনী বিষয়া বিজয় গাড্ডে আৰু সাধাৰণ পৰামৰ্শদাতা ছিন এজেট(Former Twitter CEO Parag Agrawal, others sue Elon Musk over firings, seek over $128 mn) ।

আবেদনকাৰীসকলৰ হৈ দাখিল কৰা গোচৰটোত কোৱা হৈছে যে মাস্কৰ টুইটাৰ অধিগ্ৰহণৰ পিচতে তেওঁলোকক বৈধ কাৰণ অবিহনে কোম্পানীৰ পৰা বহিষ্কাৰ কৰা হৈছিল । তেওঁলোকে কৈছে যে মাস্কে তেওঁলোকক বৰ্খাস্ত কৰাৰ বাবে মনে সজা কাৰণ দিছিল যাতে কোম্পানীটোৱে তেওঁলোকক সঠিক ক্ষতিপূৰণ দিব নালাগে । মাস্কে তেওঁলোকৰ বিল পৰিশোধ কৰা নাই ।

মাস্কে ভাবে যে এই নিয়মবোৰ তেওঁৰ বাবে প্ৰযোজ্য নহয় । মাস্কে শক্তি আৰু ধন ব্যৱহাৰ কৰি তেওঁলোকৰ দৃষ্টিভংগীৰ পৰা বেলেগ ধৰণে চিন্তা কৰা যিকোনো লোকক আঁতৰাই ৰাখিব পাৰে বুলিও অভিযোগ কৰে ।

যাৰ বাবে কৰ্মচাৰীসকলে মাস্কৰ পৰা ১৩৮ নিযুত ডলাৰ অৰ্থাৎ ১,০৬১ কোটি টকা ক্ষতিপূৰণ বিচাৰিছে ।

লগতে পঢ়ক : NIA raids 17 locations across 7 states : বেংগালুৰু কাৰাগাৰ উগ্ৰবাদীকৰণৰ গোচৰত ৭খন ৰাজ্যৰ ১৭টা স্থানত নিয়াৰ অভিযান