Former Pak PM Imran Khan sentenced to 10 years in jail : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা PTIৰ মুৰব্বী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড আদালতৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা PTIৰ মুৰব্বী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড আদালতৰ । গোপন তথ্য ফাদিলৰ অভিযোগত কাৰাদণ্ডৰ ৰায়(Former Pak PM Imran Khan sentenced to 10 years in jail) ।
প্ৰাপ্ত তথ্য় অনুসৰি , মঙলবাৰে চাইফাৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিক ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে।
জানিব পৰা মতে, ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত অনুষ্ঠিত গোচৰটোৰ শুনানিৰ সময়ত বিশেষ আদালতৰ ন্যায়াধীশ আবুল হাসনাত জুলকাৰনাইনে এই ৰায় প্ৰদান কৰে ।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এই ৰায় প্ৰদানৰ পিছতে পাকিস্তান তেহৰিক-ই-ইনচাফে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া এক ভুৱা গোচৰ(Former Pak PM Imran Khan sentenced to 10 years in jail) ।
ইফালে এই ঘটনা সন্দৰ্ভত পিটিআইয়ে উল্লেখ কৰা অনুসৰি, দলটোৰ আইনী দলে এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব আৰু আশা কৰা হৈছে যে এই শাস্তি স্থগিত ৰখা হ’ব । ইছলামাবাদ উচ্চ ন্যায়ালয়ে স্পষ্টভাৱে দুবাৰকৈ শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু সংবাদ মাধ্যম আৰু জনসাধাৰণৰ অনুমতিৰ নিৰ্দেশ দিছিল কিন্তু ইয়াৰ বিপৰীতে আইনী দলৰ হস্তক্ষেপ অস্বীকাৰ কৰা হৈছিল আৰু সিদ্ধান্তটো তাৎক্ষণিকভাৱে লোৱাৰ অভিযোগ দলটোৰ । চাইফাৰ গোচৰটো এক গুৰুত্বপূৰ্ণ দস্তাবেজৰ সৈতে জড়িত । যাক কূটনৈতিক কেবল বুলি কোৱা হয়( Imran Khan, Shah Mahmood sentenced to 10 years in prison) ।