আপত যোগদান নাওবৈচাৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হ’ক চৌধুৰীৰ

নিউজ ডেস্ক, ১৬ মে’- সোমবাৰে আম আদমী পাৰ্টীত যোগদান কৰে নাওবৈছা সমষ্টিৰ AIUDFৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হ’ক চৌধুৰীয়ে। ২০১৬ত নাওবৈচা সমষ্টিৰ পৰা জয়লাভ কৰা মানুন ইমদাদুলে ২০২১ত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল। কাৰণ সেই সময়ত কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ AIUDF-এ সমষ্টিটো কংগ্ৰেছ দলক এৰি দিছিল।
সোমবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে “আপ”ত যোগদান কৰে নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হ’ক চৌধুৰী, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য ব্ৰজেন কুমাৰ সন্দিকৈ আৰু এ আই ইউ ডি এফৰ মুখপাত্ৰ ৰেজাউল হাছানে (Ex MLA Mamun Imdadul Haque Chaudhury joins AAP)। “আপ”ৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে আম আদমি পাৰ্টীত ।
আম আদমী পাৰ্টীত যোগদান কৰি মামুন ইমদাদুল হক চৌধুৰীয়ে কয় যে, ‘দিল্লীৰ নেতৃত্বৰ লগত আলোচনা কৰি ভিজনসমূহ মিলাৰ বাবে আপত যোগদান কৰিছো। এয়া মাথো আৰম্ভণি। পঞ্জাৱ বা দিল্লীৰ নিচিনাকৈ নহয়, অসমৰ ষ্টাইলত কাম কৰিব আপে। বিজেপিক পৰাস্ত কৰিব আপে পাৰিব।’
ইফালে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী সদস্য ব্ৰজেন সন্দিকৈয়ে কয় যে, ‘দলটো এৰি আহি বেয়া লাগিছে। শীৰ্ষ লিডাৰে কথা নুশুনা হল। অসমত আম আদমী পাৰ্টিয়ে ভাল ফল দেখুৱাব লোকসভা আৰু বিধানসভা নিৰ্বাচনত। ২০২৬ত অসমত আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব। বহু শীৰ্ষ কংগ্ৰেছ নেতাই আপত যোগদান কৰিব।’