Kerala CM Oommen Chandy passes away : কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’মেন চাণ্ডীৰ ৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ
নেশ্যনেল ডেস্ক , ১৮ জুলাই : কংগ্ৰেছ দলৰ প্ৰবীণ নেতা তথা কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’মেন চাণ্ডীৰ আজি অৰ্থাৎ মঙলবাপে পুৱা দেহাৱসান ঘটে (Kerala CM Oommen Chandy passes away)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ । যোৱা কেইমাহমানৰ পৰা তেওঁ বাংগালুৰুত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। অ’মেন চাণ্ডীৰ মৃত্যুৰ খবৰ তেওঁৰ পুত্ৰই ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অৱগত কৰে
উল্লেখ্য ২০০৪–২০০৬, ২০১১–২০১৬ চনৰ দুটাকৈ কাৰ্যকাল অ’মেন চাণ্ডীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ওম্মেন চাণ্ডীয়ে ১২টা বিধানসভা নিৰ্বাচনত অবিৰতভাৱে জয়লাভ কৰিছিল । ১৯৭০ চনৰ পৰা তেওঁ কেৰালা বিধানসভাত পুঠুপল্লী সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁৰ পুত্ৰ চাণ্ডী অ’মেন মঙলবাৰে অৰ্থাৎ আজি পুৱা প্ৰায় ৫ বজাত ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে পিতৃৰ মৃত্যুৰ তথ্য প্ৰদান কৰে।
অ’মেন চাণ্ডীৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’মেন চাণ্ডীৰ মৃত্যুত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, “অ’মেন চাণ্ডীজীৰ বিয়োগত আমি এজন নম্ৰ আৰু নিষ্ঠাৱান নেতাক হেৰুৱাইছোঁ, যিয়ে জনসেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু কেৰেলাৰ প্ৰগতিৰ বাবে কাম কৰিছিল। বিশেষকৈ আমি দুয়ো নিজৰ নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আৰু পিছলৈ দিল্লীলৈ যোৱাৰ সময়ত তেওঁৰ সৈতে মোৰ বিভিন্ন ধৰণৰ আদান-প্ৰদানৰ কথা মনত আছে। তেওঁৰ আত্মাই শান্তি লাভ কৰক।”
১৯৪৩ চনৰ ৩১ অক্টোবৰত জন্মগ্ৰহণ কৰা অ’মেন চাণ্ডী ৭৯ বছৰ বয়সত মঙলবাৰে মৃত্যু হয় ।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,কংগ্ৰেছ নেতা ৰাহুল গান্ধী,কেৰালাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী,কেৰালা কংগ্ৰেছৰ সভাপতি প্ৰমুখ্যে বিভিন্ন ৰাজনৈতিক দল,সংগঠন,ব্যক্তি,অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।
কিছুসময় পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী অ’মেন চাণ্ডীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বাংগালুৰুত উপস্থিত হৈছে ছোনীয়া গান্ধী,সভাপতি মল্লিকাৰ্জুন খাৰ্গে,ৰাহুল গান্ধী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আদিকে ধৰি ভালেসংখ্যক লোক।
উল্লেখ্য যে দুবাৰকৈ কেৰালাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল অ’মেন চাণ্ডীয়ে । ১৯৭০ চনত তেওঁ ২৭ বছৰ বয়সতে পোন প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে পৰ্যায় ক্ৰমে ২০০৪ চনত পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অলংকৃত কৰিছিল আৰু ২০১১-২৬ চনলৈকে দ্বিতীয়বাৰৰ বাবে কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ লৈছিল ।