Local, Vocal, Global

Former journalist Badribahadur chhetri passes away : চিৰাং জিলাৰ গৰুভাষাৰ বাসিন্দা তথা শিক্ষক, প্ৰাক্তন সাংবাদিক বদ্ৰীবাহাদুৰ ছেত্ৰীৰ দেহাৱসান

নিউজ ডেস্ক,২০জুন : চিৰাং জিলাৰ গৰুভাষাৰ বাসিন্দা তথা শিক্ষক, প্ৰাক্তন সাংবাদিক বদ্ৰীবাহাদুৰ ছেত্ৰীৰ দেহাৱসান ।বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন সাংবাদিক গৰাকীয়ে।

জানিব পৰা মতে মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বদ্ৰীবাহাদুৰ ছেত্ৰী আৰু বুধবাৰে নিশা এক বজাত বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য যে, গৰুভাষা হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত তথা বদ্ৰীবাহাদুৰ ছেত্ৰী ৯০ দশকৰ পৰা অসমৰ সংবাদ জগতৰ বিভিন্ন দৈনিক বাতৰি কাকতত নিয়মিত সংবাদ সেৱা আগবঢ়াইছিল। মৃত্যুৰ সময়ত পত্নী, এজনী কন্যা আৰু এজন পুত্ৰ সন্তানক সংসাৰত থৈ যায়( Former journalist Badribahadur chhetri passes away)।

চিৰাং জিলা প্ৰেছ ক্লাৱৰ সভাপতিৰ আসন অলংকৃত কৰা বদ্ৰীবাহাদুৰ ছেত্ৰীৰ আকস্মিক মৃত্যুত চিৰাং জিলা প্ৰেছ ক্লাৱৰ উপৰি কাজলগাঁও, বাসুগাঁও, বিজনী প্ৰেছ ক্লাৱৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

লগতে পঢ়ক : Dhakuakhana murder case police search : বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ