Former Delhi MLA says got death threat from Khalistani extremist : দিল্লীৰ প্ৰাক্তন বিধায়ক জীতেন্দ্ৰ সিং শন্তীক হত্যাৰ ভাবুকি প্ৰদান খালিস্তানী উগ্ৰপন্থীৰ

নেশ্যনেল ডেস্ক,৩০ এপ্ৰিল : দিল্লীৰ প্ৰাক্তন বিধায়ক জীতেন্দ্ৰ সিং শন্তীক হত্যাৰ ভাবুকি প্ৰদান খালিস্তানী উগ্ৰপন্থীৰ ।
খালিস্তানৰ বিৰুদ্ধে মাত মাতিলে প্ৰাক্তন বিধায়ক গৰাকীৰ লগতে তেওঁৰ পুত্ৰই ভয়ংকৰ পৰিণাম ভোগ কৰিব লাগিব বুলি ভাবুকি প্ৰদান কৰে উগ্ৰপন্থীয়ে । প্ৰাক্তন বিধায়ক তথা শ্বহীদ ভগত সিং সেৱা দলৰ সভাপতি শন্তীয়ে এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীক সমগ্ৰ বিষয়টো অৱগত কৰে ।
জানিব পৰা মতে, পদ্মশ্ৰী সন্মানেৰে সন্মানিত শন্তীয়ে শ্বাহদাৰাৰ আৰক্ষী আয়ুক্ত আৰু বিবেক বিহাৰ আৰক্ষী থানালৈও এই সন্দৰ্ভত পত্ৰ লিখে । তেওঁ পত্ৰখনৰ জৰিয়তে অভিযোগ কৰিছে সোমবাৰে এটা হোৱাটছএপ যোগে এটা ফোনকল লাভ কৰিছিল । ফোন কৰা লোকজনে তেওঁৰ সৈতে পঞ্জাবীত কথা পাতিছিল আৰু তেওঁৰ পুত্ৰৰ কথাও কৈছিল(Former Delhi MLA says got death threat from Khalistani extremist) ।
প্ৰাক্তন বিধায়কগৰাকীৰ মতে খালিস্তানৰ বিৰুদ্ধে কথা কোৱাৰ বাবে তেওঁক আৰু তেওঁৰ পুত্ৰক মৃত্যুৰ ভাবুকি দিয়া হৈছে । সেয়ে তেওঁ এই ক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসনৰ সহায় বিচাৰিছে । শন্তীৰ মতে তেওঁৰ পুত্ৰ জ্যোত জিৎ দিল্লীত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ আৰু খালিস্তানী সন্ত্ৰাসবাদৰ বিৰুদ্ধে মুকলিকৈ নিজৰ মতামত ব্যক্ত কৰি আহিছে(Former Delhi MLA says got death threat from Khalistani extremist) ।
জানিব পৰা মতে, আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে যোগাযোগ কৰিছে আৰু সমগ্ৰ ঘটনাৰ তথ্য সংগ্ৰহ কৰিছে । আৰক্ষীয়ে ঘটনাটোৰ তদন্তও আৰম্ভ কৰিছে ।