ৰাজা গুৰু তৰুণ বাইথুৰীৰ ঘৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
নিউজ ডেস্ক: অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ মূল আৰাধ্য দেৱতা তথা তিনিচুকীয়া জিলাৰ ডাঙৰীৰ বৰপথাৰ খ্ৰীং খ্ৰীং বাইথ মন্দিৰৰ সদ্য প্ৰয়াত ৰাজা গুৰু তৰুণ বাইথুৰীৰ গৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ডাঙৰীৰ ধাদুম পথাৰস্থিত কেন্দ্ৰীয় খ্ৰীং খ্ৰীং বাইথ’ মন্দিৰৰ মুল প্ৰৱেশ পথৰ তোৰণৰ সন্মুখত স্থানীয় ৰাইজে বিপুল আদৰণি জনায়৷ উল্লেখ্য যে, সোণোৱাল কছাৰী জনগোষ্ঠীৰ ৰাইজক আধ্যাত্মিক চেনতাৰে আগবঢ়াই নিয়াত উল্লেখযোগ্য অৱদানৰ অধিকাৰী ৰাজা গুৰু তৰুণ বাইথুৰীৰ যোৱা ২১ চেপ্তেম্বৰৰত অকাল বিয়োগে মৰ্মাহত কৰি তুলিছিল জনগোষ্ঠীটোৰ প্ৰতিজন লোকক। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত থকা বিভিন্নজন লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাজা গুৰুগৰাকীৰ এই বিয়োগত শোক প্ৰকাশ কৰাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছিল। আৰু আজি সু-শৰীৰে মন্ত্ৰীগৰাকীয়ে নিজে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ বৰপথাৰস্থিত প্ৰয়াত ৰাজাগুৰু তৰুণ বাইথুৰীৰ ঘৰত উপস্থিত হৈ প্ৰয়াত ৰাজা গুৰুগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ লগতে খ্ৰীং খ্ৰীং বাইথ’ মন্দিৰত সেৱা জনাই ৰাজ্যবাসীৰ মঙ্গল কামনা কৰে। পৰৱৰ্তী সময়ত বৰপথাৰস্থিত এই খ্ৰীং খ্ৰীং বাইথ মন্দিৰৰ প্ৰাংগনতে মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে এক মত-বিনিময়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰয়াত ৰাজাগুৰু তৰুণ বাইথুৰীৰ আদৰ্শৰে আধ্যাত্মিক চেতনাৰে জনগোষ্ঠীটোৰ ৰাইজক আগবাঢ়ি যাবলৈ আহ্বান জনোৱাৰ লগতে বৰপথাৰ গাঁওস্থিত এই খ্ৰীং খ্ৰীং বাইথ মন্দিৰক এক সাংস্কৃতিক আৰু আধ্যাত্মিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলৰ সম্ভাৱনীয়তাৰ বিষয়ে অৱগত কৰে। বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আজি উপস্থিত ৰাইজৰ আগত বক্তব্য আগবঢ়াই। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্দিৰ প্ৰাংগণত গছপুলিও ৰোপণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ভ্ৰমণত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ সোণোৱাল, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী, পৰিষদৰ ডাঙৰী, আৰু মেগেলা, ডিৰাক আৰু নাহৰকটীয়া সমষ্টিৰ সদস্য ক্ৰমে দিপ্তী সোণোৱাল, বসন্ত সোণোৱাল, অসীম সোণোৱাল আৰু বিশ্বজিত সোণোৱাল, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিপুল সোণোৱাল উপস্থিত থাকে৷