Local, Vocal, Global

Former Bihar deputy CM Sushil Modi passes away : বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুশীল মোদীৰ দেহাৱসান

নিউজ ডেস্ক,১৪মে’ : বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুশীল মোদীৰ দেহাৱসান। সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে(Former Bihar deputy CM Sushil Modi passes away)।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকী। ৭২ বছৰীয়া বিজেপি নেতাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু সোমবাৰে দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে । আজি পাটনাৰ ৰাজেন্দ্ৰ নগৰত থকা সুশীল মোদীৰ বাসগৃহলৈ অনা হ’ব নশ্বৰ দেহ।

প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুশীল কুমাৰ মোডীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।সুশীল মোদীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

লগতে পঢ়ক : Lumding Rail police raid two detained : লামডিং ৰে’লৱে জংচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুজন সৰবৰাহকাৰী