আলফা স্বাধীনত যোগদান কৰা প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক গুলীয়াই হত্যা

নিউজ ডেস্ক, ১১ মে’- আলফা (স্বাঃ)ৰ শিবিৰত আন এক ভয়ংকৰ ঘটনা। আলফা(স্বাঃ)ত যোগদান কৰা প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক গুলীয়াই হত্যা।
অসম আৰক্ষীৰ চােৰাংচােৱাগিৰি কৰাৰ অভিযােগত পৰেশ বৰুৱা নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ড বিহাৰ খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ আন এজন অসমীয়া যুৱকক সংগঠনটােৱে মৃত্যুদণ্ড বিহে।
এইবাৰ এগৰাকী প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা (স্বাঃ)ৰ মৃত্যুদণ্ড। জানিব পৰা মতে, কা’ আন্দোলনৰ সময়ত আলফাত যোগদান কৰিছিল’ বিজু গগৈয়ে। তিনিচুকীয়াৰ পেঙেৰিৰ আছু নেতা আছিল বিজু। আৰক্ষীৰ জালত পৰা সন্তোষ লামা ওৰফে ভাগ্য অসম নামৰ এজন আলফা (স্বা)ৰ কেডাৰে প্ৰকাশ কৰিছে এই কথা।
আৰক্ষীৰ জালত পৰা আলফা সদস্য সন্তোষ লামা ওৰফে অপু অসমৰ চাঞ্চল্যকৰ ভাষ্য। আলফা(স্বাঃ)ৰ শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগত গুলীয়াই হত্যা বিজু গগৈক।