Local, Vocal, Global

WATCH | Former AASU general secretary Sankar Jyoti Baruah arrested : শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই নিয়া কাৰ্যক ধিক্কাৰ ৰাজ্যৰ ৰাজনৈতিক, সামাজিক সংগঠনেৰে জড়িত বিভিন্নজনৰ

ডিব্ৰুগড়,২০মে’ : আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ। দুলীয়াজানত পেট্ৰোল পাম্পৰ ঘটনা বাবে প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীক একাধিক ধাৰাত পঞ্জীয়নভুক্ত দুলীয়াজান পি এছ কেছ নং ৯০/২০২৫ৰ সৈতে জড়িত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক ধাৰা নং ১৯৭(১)(গ), ১৯৭(১)(ঘ), ৩(৫), ৩৫২, ৩৫৩(১)(খ), ৩৫৩(১)(গ), আৰু ৩৫৩(২)গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে দেওবাৰে নিশা দুলীয়াজানৰ পৰা জেৰাৰ বাবে আটক কৰি ডিব্ৰুগড় সদৰ থানাত আনিছিল। পিছত তেখেতক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়(Former AASU general secretary Sankar Jyoti Baruah arrested)।

ইফালে অসম আৰক্ষীয়ে দাগী অপৰাধীৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই নিয়া কাৰ্যক ধিক্কাৰ জনাইছে ৰাজ্যৰ ৰাজনৈতিক, সামাজিক সংগঠনেৰে জড়িত বিভিন্নজনে। ৰাজ্যজুৰি অসম আৰক্ষীৰ এনে কাৰ্যক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে শংকৰজ্যোতি বৰুৱাৰ হাতৰ পৰা হেণ্ডকাফ খুলিবলৈ নিৰ্দেশ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোনো কাৰণতে শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ লগাব নোৱাৰে বুলি নিৰ্দেশ দিয়াৰ পিছতেই এতিয়া পুনৰ প্ৰশ্ন উঠিছে, অসম আৰক্ষীৰ একাংশ বিষয়াৰ আইন, আদালত সন্দৰ্ভত নাই নেকি জ্ঞান? আদালতৰ স্পষ্ট নিৰ্দেশ থকাৰ পিছতো সাধাৰণ অভিযুক্তৰ হাতত দুধৰ্ষ অপৰাধীৰ দৰে হেণ্ডকাফ লগাই সেই প্ৰশ্ন সৰ্বত্ৰে উত্থাপন হৈছে।