Local, Vocal, Global

Gana Suraksha Partys : বাক্সাত গঠন হ’ল গণ সুৰক্ষা পাৰ্টিৰ বাক্সা জিলা যুৱ মৰ্চা

বাক্সা, ১৮ জুন : সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ সকলো ৰাজনৈতিক দলে ৰাজনৈতিক প্ৰস্তুতিৰ লগতে নিজ নিজ দলক শক্তিশালী কৰিবলৈ উঠিপৰি লগা পৰিলক্ষিত হৈছে (Gana Suraksha Partys) ৷ ইয়াৰে অংশ হিচাপে বাক্সা জিলাৰ থমনাত আজি অৰ্থাৎ দেওবাৰে গণ সুৰক্ষা পাৰ্টিয়ে দলটোক শক্তিশালী কৰাৰ লক্ষ্যৰে গঠন কৰে এটা যুৱ মৰ্চা (Gana Suraksha Partys Baksa District Youth Morcha) ৷

এটা যুৱ মৰ্চা গঠণৰ বাবে থমনাস্থিত ভিচিডিচিৰ কাৰ্যালয়ত গণ সুৰক্ষা পাৰ্টিৰ বাক্সা জিলাৰ সভাপতি অজয় দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সভা । যুৱ মৰ্চা গঠন সম্পৰ্কে অনুষ্ঠিত সভাখনত গণ সুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ কেইবাগৰাকীও নেতা উপস্তিত থাকি দলটোক মজবুত কৰাৰ লক্ষ্যৰে নতুনকৈ গঠণ কৰা যুৱ মৰ্চাক শক্তিশালী কৰিবলৈ সকলোকে আহ্বান জনায় ৷

দেওবাৰে অনুষ্ঠিত এই সভাতে মৃণ্ময় দত্তক সভাপতি আৰু ৰঞ্জন কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩০ জনীয়া বাক্সা জিলা গণ সুৰক্ষা পাৰ্টি যুৱ মৰ্চাৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয় । যুৱ মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতি মৃণ্ময় দত্তই কয় যে, যুৱ শক্তিয়েই হৈছে ৰাষ্ট্ৰ শক্তি । গতিকে যুৱ শক্তি হিচাপে আমি গণ সুৰক্ষা পাৰ্টিৰ স্বাৰ্থত এখন শক্তিশালী সমাজ গঢ়াত সবল ভূমিকা গ্ৰহণ কৰিম ।

উল্লেখ্য যে, থমনাস্থিত ভিচিডিচিৰ কাৰ্যালয়ত আয়োজিত সভাখনত কেন্দ্ৰীয় যুৱ মৰ্চাৰ আহ্বায়ক নবজিত বৰ্মন, টিচিএলচিচিৰ অধ্যক্ষ শৈলেন গোস্বামী, মুখপাত্ৰ দ্বিজেন কলিতাকে ধৰি কেবাগৰাকীও দলীয় নেতা-কৰ্মী আৰু শতাধিক যুৱ কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Flood 2023 : বাঢ়ি অহা কপিলী নৈত উটি আহিল এটা প্ৰকাণ্ড বাঘ মাছ